< সামসঙ্গীত 68 >
1 ১ ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।
Veisuunjohtajalle; Daavidin virsi, laulu. Jumala nousee, hänen vihollisensa hajaantuvat, hänen vihamiehensä pakenevat hänen kasvojensa edestä.
2 ২ ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
Sinä hajotat heidät, niinkuin savu hajoaa; niinkuin vaha sulaa tulen hohteessa, niin jumalattomat häviävät Jumalan kasvojen edessä.
3 ৩ কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
Mutta vanhurskaat iloitsevat ja riemuitsevat Jumalan kasvojen edessä, he ihastuvat ilosta.
4 ৪ তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
Laulakaa Jumalalle, veisatkaa hänen nimensä kiitosta. Tehkää tie hänelle, joka kiitää halki arojen. Hänen nimensä on Herra, riemuitkaa hänen kasvojensa edessä.
5 ৫ ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
Hän on orpojen isä ja leskien puolustaja, Jumala pyhässä asunnossansa,
6 ৬ অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
Jumala, joka antaa hyljätyille kodin ja johtaa vangitut onneen. Vain niskoittelijat asuvat kuivassa maassa.
7 ৭ হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, (চেলা)
Jumala, kun sinä kävit kansasi edellä, kun sinä kuljit erämaassa, (Sela)
8 ৮ তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
niin maa vapisi ja taivaat tiukkuivat Jumalan kasvojen edessä, Siinai vapisi Jumalan, Israelin Jumalan, kasvojen edessä.
9 ৯ হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
Runsaalla sateella sinä, Jumala, kostutit perintömaasi; ja kun se oli näännyksissä, niin sinä virvoitit sen.
10 ১০ তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
Sinun laumasi asettui siihen; hyvyydessäsi, Jumala, sinä sen kurjille valmistit.
11 ১১ যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল।
Herra antaa sanoman, suuri on voitonsanoman saattajatarten joukko:
12 ১২ তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:
"Sotajoukkojen kuninkaat pakenevat, he pakenevat, ja perheen emäntä jakaa saaliin.
13 ১৩ যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
Jäättekö makailemaan karjatarhojen vaiheille? Kyyhkysen siivet ovat hopealla silatut, sen sulat keltaisella kullalla!
14 ১৪ সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
Kun Kaikkivaltias siellä hajotti kuninkaat, satoi lunta Salmonilla."
15 ১৫ হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
Baasanin vuori on Jumalan vuori, Baasanin vuori on monihuippuinen vuori.
16 ১৬ হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
Miksi te, monihuippuiset vuoret, karsaasti katsotte vuorta, jolla Jumala on mielistynyt asumaan? Totisesti, Herra asuu siellä iankaikkisesti.
17 ১৭ ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব।
Jumalan sotavaunuja on kymmenet tuhannet, on tuhannen kertaa tuhannet; Herra on niiden keskellä, pyhyydessään niinkuin Siinai.
18 ১৮ তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
Sinä astuit ylös korkeuteen, otit vankeja saaliiksesi, sait ihmisiä lahjaksesi: niskoittelijatkin joutuvat asumaan Herran Jumalan tykönä.
19 ১৯ প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
Kiitetty olkoon Herra joka päivä. Meitä kantaa Jumala, meidän apumme. (Sela)
20 ২০ আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।
Meillä on Jumala, Jumala, joka auttaa, ja Herra, Herra, joka kuolemasta vapahtaa.
21 ২১ কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব।
Mutta Jumala murskaa vihollistensa pään, niiden karvaisen päälaen, jotka synneissänsä vaeltavat.
22 ২২ প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,
Herra sanoo: "Baasanista minä heidät palautan, palautan meren syvyyksistä,
23 ২৩ যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
että sinä polkisit jalkasi vereen, että sinun koiriesi kieli saisi osansa vihollisista".
24 ২৪ হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
Julkinähtävät ovat sinun juhlasaattosi, Jumala, minun Jumalani, kuninkaani juhlasaatot pyhäkössä.
25 ২৫ আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
Laulajat käyvät edellä, kanteleensoittajat jäljessä, keskellä nuoret naiset vaskirumpuja lyöden.
26 ২৬ তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
Kiittäkää Jumalaa seurakunnan kokouksissa, kiittäkää Herraa te, jotka olette Israelin lähteestä.
27 ২৭ তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
Tuolla on Benjamin, nuorin, heitä johtaen, Juudan ruhtinaat joukkoinensa, Sebulonin ruhtinaat, Naftalin ruhtinaat.
28 ২৮ হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
Sinun Jumalasi on säätänyt sinulle vallan. Vahvista, Jumala, minkä olet hyväksemme tehnyt.
29 ২৯ যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
Sinun temppelisi tähden, joka kohoaa Jerusalemissa, kuninkaat tuovat sinulle lahjoja.
30 ৩০ নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।
Käske ankarasti ruovikon petoa, härkien laumaa ynnä vasikoita, kansoja, lankeamaan maahan hopeaharkkoinensa. Hän hajottaa kansat, jotka sotia rakastavat.
31 ৩১ মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব।
Mahtavat saapuvat Egyptistä, Etiopia kiiruhtaa ojentamaan käsiänsä Jumalan puoleen.
32 ৩২ হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)
Te maan valtakunnat, laulakaa Jumalalle, veisatkaa Herran kiitosta, (Sela)
33 ৩৩ তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
hänen, joka kiitää ikuisten taivasten taivaissa! Katso, hän antaa äänellänsä väkevän jylinän.
34 ৩৪ ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
Antakaa väkevyys Jumalalle! Hänen herrautensa on Israelin yllä ja hänen voimansa pilvien tasalla.
35 ৩৫ হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!
Peljättävä on Jumala, joka ilmestyy sinun pyhäköstäsi, Israelin Jumala. Hän antaa kansallensa voiman ja väkevyyden. Kiitetty olkoon Jumala.