< সামসঙ্গীত 67 >
1 ১ হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।
Kwa mtsogoleri wa mayimbidwe. Pa zoyimbira za zingwe. Salimo. Yehova atikomere mtima ndi kutidalitsa, achititse kuti nkhope yake itiwalire.
2 ২ গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।
Kuti njira zanu zidziwike pa dziko lapansi, chipulumutso chanu pakati pa mitundu yonse.
3 ৩ হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক।
Mitundu ya anthu ikutamandeni Inu Mulungu; mitundu yonse ya anthu ikutamandeni.
4 ৪ জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। (চেলা)
Mitundu yonse ya anthu isangalale ndi kuyimba mwachimwemwe, pakuti inu mumaweruza mitundu ya anthu mwachilungamo ndi kutsogolera mitundu ya anthu a dziko lapansi.
5 ৫ হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।
Mitundu ya anthu ikutamandeni Inu Mulungu; mitundu yonse ya anthu ikutamandeni.
6 ৬ পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব।
Nthaka yabereka zokolola zake; tidalitseni Mulungu wathu.
7 ৭ ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।
Mulungu atidalitse kuti pamenepo malekezero onse a dziko lapansi apembedze Iyeyo.