< সামসঙ্গীত 66 >
1 ১ হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।
Dawid dwom. Asase nyinaa momfa ahosɛpɛ nteam mma Onyankopɔn!
2 ২ তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।
Monto ne din animuonyamhyɛ ho dwom; momma nʼayɛyie nyɛ animuonyamhyɛ!
3 ৩ তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
Monse Onyankopɔn sɛ, “Wo nneyɛɛ yɛ nwanwa wo tumi so na wʼatamfoɔ nyinaa de suro koto wʼanim.
4 ৪ গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। (চেলা)
Asase nyinaa koto wo; wɔto ayɛyi dwom ma wo, wɔto dwom kamfo wo din.”
5 ৫ আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ; তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে।
Mommra mmɛhwɛ deɛ Onyankopɔn ayɛ; anwanwadeɛ a wayɛ wɔ nnipa mu.
6 ৬ তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।
Ɔmaa ɛpo yɛɛ asase kesee; wɔnante twaa asuo no. Mommra na yɛnni ahurisie wɔ ne mu.
7 ৭ তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; তেওঁ জাতিবোৰলৈ চকু ৰাখে; বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। (চেলা)
Ɔde ne tumi di ɔhene daa daa, na ɔde nʼani nso hwɛ aman so. Mma atuatefoɔ nsɔre ntia no.
8 ৮ হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;
Ao aman nyinaa, monhyira yɛn Onyankopɔn, momma wɔnte mo nkamfo no nnyegyeɛ.
9 ৯ যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।
Wahwɛ yɛn nkwa so na wamma yɛn nan anwatiri.
10 ১০ কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।
Na wo, Ao Onyankopɔn, wosɔɔ yɛn hwɛeɛ; na wohoaa yɛn ho sɛ dwetɛ.
11 ১১ তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।
Wode yɛn kɔguu nneduadan mu na wode nneɛma a ɛyɛ duru too yɛn akyi.
12 ১২ তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
Womaa yɛn atamfoɔ twi faa yɛn so; yɛfaa ogya ne nsuo mu, nanso wode yɛn baa baabi a nnepa abu so.
13 ১৩ মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।
Mede ɔhyeɛ afɔdeɛ bɛba wʼasɔredan mu na madi ɛbɔ a mahyɛ wo no so,
14 ১৪ মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।
ɛbɔ a mʼano fafa hyɛeɛ na mʼano kaaeɛ ɛberɛ a na mewɔ ɔhaw mu no.
15 ১৫ মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। (চেলা)
Mede mmoa a wɔadɔ sradeɛ bɛbɔ afɔdeɛ ama wo nnwennini ayɛyɛdeɛ; mede anantwinini ne mpapo bɛbɔ afɔdeɛ.
16 ১৬ হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
Mommra mmɛtie, mo a mosuro Onyankopɔn nyinaa; momma menka deɛ wayɛ ama me nkyerɛ mo.
17 ১৭ মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।
Mede mʼano su frɛɛ no; na me tɛkrɛma yii no ayɛ.
18 ১৮ যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
Sɛ mede bɔne hyɛɛ mʼakomam a, anka Awurade antie me.
19 ১৯ কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
Nanso, nokorɛm, Onyankopɔn atie me, wate me mpaeɛbɔ.
20 ২০ ঈশ্বৰ ধন্য হওক, তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।
Nhyira nka Onyankopɔn, a wampo me mpaeɛbɔ na wanyi nʼadɔeɛ amfiri me so. Wɔde ma dwomkyerɛfoɔ. Wɔde sankuo na ɛtoeɛ.