< সামসঙ্গীত 66 >

1 হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।
TO THE OVERSEER. A SONG. A PSALM. Shout to God, all the earth.
2 তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।
Praise the glory of His Name, Make honorable His praise.
3 তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
Say to God, “How fearful Your works—By the abundance of Your strength, Your enemies feign obedience to You.
4 গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। (চেলা)
All the earth bows to You, They sing praise to You, they praise Your Name.” (Selah)
5 আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ; তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে।
Come, and see the works of God, Fearful acts toward the sons of men.
6 তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।
He has turned a sea to dry land, Through a river they pass over on foot, There we rejoice in Him.
7 তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; তেওঁ জাতিবোৰলৈ চকু ৰাখে; বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। (চেলা)
Ruling by His might for all time, His eyes watch among the nations, The stubborn do not exalt themselves. (Selah)
8 হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;
Bless our God you peoples, And sound the voice of His praise,
9 যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।
Who has placed our soul in life, And has not permitted our feet to be moved.
10 ১০ কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।
For You have tried us, O God, You have refined us as the refining of silver.
11 ১১ তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।
You have brought us into a net, You have placed pressure on our loins.
12 ১২ তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
You have caused man to ride at our head. We have entered into fire and into water, And You bring us out to a watered place.
13 ১৩ মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।
I enter Your house with burnt-offerings, I complete my vows to You,
14 ১৪ মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।
For my lips were opened, And my mouth spoke in my distress:
15 ১৫ মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। (চেলা)
“I offer to You burnt-offerings of fatlings, With incense of rams, I prepare a bullock with male goats.” (Selah)
16 ১৬ হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
Come, hear, all you who fear God, And I recount what He did for my soul.
17 ১৭ মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।
I have called to Him [with] my mouth, And exaltation [is] under my tongue.
18 ১৮ যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
Iniquity, if I have seen in my heart, The Lord does not hear.
19 ১৯ কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
But God has heard, He has attended to the voice of my prayer.
20 ২০ ঈশ্বৰ ধন্য হওক, তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।
Blessed [is] God, Who has not turned aside my prayer, And His loving-kindness, from me!

< সামসঙ্গীত 66 >