< সামসঙ্গীত 65 >
1 ১ হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
Sa Sion ang pagdayeg nagahulat kanimo, Oh Dios; Ug nganha kanimo pagabuhaton ang panaad.
2 ২ হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
Oh ikaw nga magapatalinghug sa pag-ampo, Nganha kanimo manuol ang tanan nga unod.
3 ৩ আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
Ang mga kasal-anan nagapadayon batok kanako: Mahitungod sa among mga kalapasan, ikaw magapasaylo kanila.
4 ৪ ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
Bulahan ang tawo nga imong pagapilion, ug pagapaduolon mo nganha kanimo, Nga siya magapuyo diha sa imong mga sawang: Mangabusog kami sa kaayohan sa imong balay, Ang imong balaan nga templo.
5 ৫ তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
Pinaagi sa mga butang nga makalilisang, ikaw magatubag kanamo sa pagkamatarung, Oh Dios sa among kaluwasan, Ikaw nga mao ang paglaum sa tanang mga kinatumyan sa yuta, Ug kanila nga atua sa halayo sa ibabaw sa kadagatan:
6 ৬ এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
Nga pinaagi sa iyang gahum nagapalig-on sa mga bukid, Sanglit gibaksan sa kusog;
7 ৭ সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে;
Nga nagapahilum sa dinaguok sa kadagatan, Sa dinaguok sa ilang mga balud, Ug sa kaguliang sa mga katawohan.
8 ৮ পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
(Sila) usab nga nanagpuyo sa mga kinatumyang bahin nangahadlok sa imong mga ilhanan: Ginahimo mo ang mga paggula sa kabuntagon ug sa kahaponon nga malipayon.
9 ৯ তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
Ginadu-aw mo ang yuta, ug ginabisibisan mo kini, Sa hilabihan gayud gipatambok mo kini; Ang suba sa Dios napuno sa tubig: Nagatagana ikaw ug trigo kanila, sa diha nga giandam mo sa ingon ang yuta.
10 ১০ তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
Ginabisibisan mo sa madagayaon gayud ang iyang mga tudling; Ginapahamutang mo ang mga tagaytay niini: Ginapahumok mo kini sa mga taligsik; Ginapanalanginan mo ang pagpanalingsing niini.
11 ১১ তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
Ikaw nagapurong-purong sa tuig uban sa imong mga kaayohan; Ug ang imong mga alagianan nagapatulo ug katambok.
12 ১২ অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
Nanagpanulo (sila) sa ibabaw sa mga sibsibanan sa kamingawan; Ug ang kabungtoran ginabaksan sa kalipay.
13 ১৩ চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।
Ang mga sibsibanan ginabistihan sa mga panon sa carnero; Ang kawalogan usab ginatabonan sa mga trigo; Nanagsinggit (sila) sa kalipay, (sila) usab nanag-awit.