< সামসঙ্গীত 64 >
1 ১ হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
Fún adarí orin. Saamu ti Dafidi. Gbóhùn mi, Ọlọ́run, bí mo ti ń sọ àròyé mi pa ọkàn mi mọ́ kúrò lọ́wọ́ ẹ̀rù àwọn ọ̀tá.
2 ২ দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।
Pa mí mọ́ kúrò lọ́wọ́ ìmọ̀ ìkọ̀kọ̀ àwọn ènìyàn búburú kúrò nínú ọ̀pọ̀ igbe lọ́wọ́ ìrúkèrúdò oníṣẹ́ ẹ̀ṣẹ̀.
3 ৩ তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
Wọ́n pọ́n ahọ́n wọn bí idà, wọ́n sì fa ọrun wọn le láti tafà wọn, àní ọ̀rọ̀ kíkorò.
4 ৪ নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।
Wọ́n tafà ní ìkọ̀kọ̀ sí àwọn aláìlẹ́ṣẹ̀: wọ́n tafà si lójijì, wọn kò sì bẹ̀rù.
5 ৫ সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “এই আমাক কোনে দেখিব?”
Wọ́n, gba ara wọn níyànjú nínú èrò búburú, wọ́n sọ̀rọ̀ lórí dídẹkùn sílẹ̀ ní ìkọ̀kọ̀ wọ́n wí pé, “Ta ni yóò rí wa?”
6 ৬ তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।” প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ।
Wọ́n gbìmọ̀ àìṣòdodo, wọ́n wí pé, “A wa ti parí èrò tí a gbà tán!” Lóòótọ́ àyà àti ọkàn ènìyàn kún fún àrékérekè.
7 ৭ কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
Ṣùgbọ́n Ọlọ́run yóò ta wọ́n ní ọfà; wọn ó sì gbọgbẹ́ lójijì.
8 ৮ তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল। যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব; তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।
Ahọ́n wọn yóò sì dojú ìjà kọ wọ́n, yóò sì run wọ́n, gbogbo ẹni tí ó bá rí wọn yóò sì mi orí fún wọn.
9 ৯ তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব; ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব, তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।
Gbogbo ènìyàn yóò máa bẹ̀rù wọn ó kéde iṣẹ́ Ọlọ́run wọn ó dúró lé ohun tí ó ṣe.
10 ১০ ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।
Jẹ́ kí olódodo kí ó yọ̀ nínú Olúwa yóò sì rí ààbò nínú rẹ̀. Gbogbo ẹni ìdúró ṣinṣin ní ọkàn yóò máa yìn ín.