< সামসঙ্গীত 63 >

1 হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
ψαλμὸς τῷ Δαυιδ ἐν τῷ εἶναι αὐτὸν ἐν τῇ ἐρήμῳ τῆς Ιουδαίας ὁ θεὸς ὁ θεός μου πρὸς σὲ ὀρθρίζω ἐδίψησέν σοι ἡ ψυχή μου ποσαπλῶς σοι ἡ σάρξ μου ἐν γῇ ἐρήμῳ καὶ ἀβάτῳ καὶ ἀνύδρῳ
2 এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।
οὕτως ἐν τῷ ἁγίῳ ὤφθην σοι τοῦ ἰδεῖν τὴν δύναμίν σου καὶ τὴν δόξαν σου
3 কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
ὅτι κρεῖσσον τὸ ἔλεός σου ὑπὲρ ζωάς τὰ χείλη μου ἐπαινέσουσίν σε
4 এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।
οὕτως εὐλογήσω σε ἐν τῇ ζωῇ μου ἐν τῷ ὀνόματί σου ἀρῶ τὰς χεῖράς μου
5 লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
ὡσεὶ στέατος καὶ πιότητος ἐμπλησθείη ἡ ψυχή μου καὶ χείλη ἀγαλλιάσεως αἰνέσει τὸ στόμα μου
6 মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
εἰ ἐμνημόνευόν σου ἐπὶ τῆς στρωμνῆς μου ἐν τοῖς ὄρθροις ἐμελέτων εἰς σέ
7 কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।
ὅτι ἐγενήθης βοηθός μου καὶ ἐν τῇ σκέπῃ τῶν πτερύγων σου ἀγαλλιάσομαι
8 মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
ἐκολλήθη ἡ ψυχή μου ὀπίσω σου ἐμοῦ ἀντελάβετο ἡ δεξιά σου
9 যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।
αὐτοὶ δὲ εἰς μάτην ἐζήτησαν τὴν ψυχήν μου εἰσελεύσονται εἰς τὰ κατώτατα τῆς γῆς
10 ১০ তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।
παραδοθήσονται εἰς χεῖρας ῥομφαίας μερίδες ἀλωπέκων ἔσονται
11 ১১ কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।
ὁ δὲ βασιλεὺς εὐφρανθήσεται ἐπὶ τῷ θεῷ ἐπαινεσθήσεται πᾶς ὁ ὀμνύων ἐν αὐτῷ ὅτι ἐνεφράγη στόμα λαλούντων ἄδικα

< সামসঙ্গীত 63 >