< সামসঙ্গীত 63 >
1 ১ হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
Psalmo de David, kiam li estis en la dezerto de Judujo. Ho Dio, mia Dio, Vin mi fervore serĉas; Soifas pri Vi mia animo, sopiras pri Vi mia karno, En lando seka, sensuka, kaj senakva.
2 ২ এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।
Mi volus vidi Vin en Via sanktejo, Vidi Vian forton kaj gloron.
3 ৩ কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
Ĉar Via favoro estas pli bona ol vivo; Miaj lipoj Vin gloras.
4 ৪ এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।
Tiel mi Vin gloradus en la daŭro de mia vivo, Levadus miajn manojn pro Via nomo.
5 ৫ লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
Kvazaŭ de graso kaj oleo satiĝus mia animo, Kaj per vortoj de kanto Vin gloradus mia buŝo.
6 ৬ মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
Kiam mi rememoras Vin sur mia lito, En ĉiuj partoj de la nokto mi meditas pri Vi.
7 ৭ কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।
Ĉar Vi estis por mi helpo, Kaj en la ombro de Viaj flugiloj mi ĝojas.
8 ৮ মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
Mia animo algluiĝis al Vi; Min subtenas Via dekstra mano.
9 ৯ যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।
Kaj tiuj, kiuj penas pereigi mian animon, Iros en la profundon subteran.
10 ১০ তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।
Ili estos mortigitaj per glavo, Fariĝos akiro de vulpoj.
11 ১১ কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।
Kaj la reĝo ĝojos per Dio; Triumfos ĉiu, kiu ĵuras al Li; Ĉar ŝtopiĝos la buŝo de tiuj, kiuj parolas malveron.