< সামসঙ্গীত 62 >
1 ১ মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।
Dawid dwom. Me kra wɔ ahomegye wɔ Onyankopɔn nko ara mu; me nkwagye fi ne nkyɛn.
2 ২ কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
Ampa, ɔyɛ me botan ne me nkwagye; ɔyɛ mʼabandennen, hwee renhinhim me da.
3 ৩ এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা? তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা।
Mobɛkɔ so ahyɛ onipa so akosi da bɛn, mo nyinaa besum me ahwe fam ana? Ɔfasu a akyea yi, ban a ɛrebu yi?
4 ৪ তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। (চেলা)
Ampa, wɔayɛ adwene se wobetu no afi ne dibea a ɛkorɔn no so; wɔn ani gye atorodi ho. Wɔde wɔn ano hyira na wɔn koma mu de, wɔdome.
5 ৫ হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।
Yiw me kra, gye wʼahome wɔ Onyankopɔn nko ara mu; na ne mu na mʼanidaso wɔ.
6 ৬ কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।
Ampa, ɔyɛ me botan ne me nkwagye; ɔyɛ mʼabandennen, hwee renhinhim me.
7 ৭ ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
Me nkwagye ne mʼanuonyam gyina Onyankopɔn so; ɔyɛ me botan a ɛkorɔn, ne me guankɔbea.
8 ৮ হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। (চেলা)
Mo nnipa, momfa mo ho nto ne so daa; monka mo koma mu nsɛm nyinaa nkyerɛ no, efisɛ Onyankopɔn ne yɛn guankɔbea.
9 ৯ অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।
Nnipa nyinaa te sɛ home; akɛse ne nkumaa nyinaa nka hwee; sɛ wɔkari wɔn wɔ nsania so a, wɔnka hwee; wɔn nyinaa bɔ mu a wɔyɛ home nko.
10 ১০ তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
Mommfa mo ho nto asisi so na monnhoahoa mo ho akorɔnne ho; ɛwɔ mu sɛ mo ahonya dɔɔso de, nanso mommfa mo koma nto so.
11 ১১ ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে।
Asɛm baako na Onyankopɔn aka, nsɛm abien na mate sɛ, wo, Onyankopɔn, na wowɔ ahoɔden,
12 ১২ হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।
na wo, Awurade, na woyɛ adɔe, ampa ara wubetua obiara ka sɛnea nʼadwuma te.