< সামসঙ্গীত 61 >
1 ১ হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা; মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।
To him that excelleth on Neginoth. A Psalme of David. Heare my cry, O God: giue eare vnto my prayer.
2 ২ মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
From the endes of the earth will I crye vnto thee: when mine heart is opprest, bring me vpon the rocke that is higher then I.
3 ৩ কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।
For thou hast bene mine hope, and a strong tower against the enemie.
4 ৪ মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। (চেলা)
I will dwell in thy Tabernacle for euer, and my trust shall be vnder the couering of thy wings. (Selah)
5 ৫ কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।
For thou, O God, hast heard my desires: thou hast giuen an heritage vnto those that feare thy Name.
6 ৬ তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা; তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।
Thou shalt giue the King a long life: his yeeres shalbe as many ages.
7 ৭ তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব; তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।
Hee shall dwell before God for euer: prepare mercie and faithfulnes that they may preserue him.
8 ৮ তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম; প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।
So will I alway sing prayse vnto thy Name in performing dayly my vowes.