< সামসঙ্গীত 60 >

1 হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
לַמְנַצֵּחַ עַל־שׁוּשַׁן עֵדוּת מִכְתָּם לְדָוִד לְלַמֵּֽד׃ בְּהַצּוֹתוֹ ׀ אֶת אֲרַם נַהֲרַיִם וְאֶת־אֲרַם צוֹבָה וַיָּשָׁב יוֹאָב וַיַּךְ אֶת־אֱדוֹם בְּגֵיא־מֶלַח שְׁנֵים עָשָׂר אָֽלֶף׃ אֱלֹהִים זְנַחְתָּנוּ פְרַצְתָּנוּ אָנַפְתָּ תְּשׁוֹבֵב לָֽנוּ׃
2 তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।
הִרְעַשְׁתָּה אֶרֶץ פְּצַמְתָּהּ רְפָה שְׁבָרֶיהָ כִי־מָֽטָה׃
3 তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;
הִרְאִיתָה עַמְּךָ קָשָׁה הִשְׁקִיתָנוּ יַיִן תַּרְעֵלָֽה׃
4 যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া; যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে। (চেলা)
נָתַתָּה לִּירֵאֶיךָ נֵּס לְהִתְנוֹסֵס מִפְּנֵי קֹשֶׁט סֶֽלָה׃
5 তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব; তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।
לְמַעַן יֵחָלְצוּן יְדִידֶיךָ הוֹשִׁיעָה יְמִֽינְךָ ועננו וַעֲנֵֽנִי׃
6 ঈশ্বৰে নিজৰ পবিত্র ঠাইত ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।
אֱלֹהִים ׀ דִּבֶּר בְּקָדְשׁוֹ אֶעְלֹזָה אֲחַלְּקָה שְׁכֶם וְעֵמֶק סֻכּוֹת אֲמַדֵּֽד׃
7 গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;
לִי גִלְעָד ׀ וְלִי מְנַשֶּׁה וְאֶפְרַיִם מָעוֹז רֹאשִׁי יְהוּדָה מְחֹֽקְקִי׃
8 মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে দেশ, তুমি জয়ধ্বনি কৰা।”
מוֹאָב ׀ סִיר רַחְצִי עַל־אֱדוֹם אַשְׁלִיךְ נַעֲלִי עָלַי פְּלֶשֶׁת הִתְרֹעָֽעִֽי׃
9 কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”
מִי יֹבִלֵנִי עִיר מָצוֹר מִי נָחַנִי עַד־אֱדֽוֹם׃
10 ১০ হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।
הֲלֹֽא־אַתָּה אֱלֹהִים זְנַחְתָּנוּ וְֽלֹא־תֵצֵא אֱלֹהִים בְּצִבְאוֹתֵֽינוּ׃
11 ১১ শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।
הָֽבָה־לָּנוּ עֶזְרָת מִצָּר וְשָׁוְא תְּשׁוּעַת אָדָם׃
12 ১২ ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।
בֵּֽאלֹהִים נַעֲשֶׂה־חָיִל וְהוּא יָבוּס צָרֵֽינוּ׃

< সামসঙ্গীত 60 >