< সামসঙ্গীত 6 >

1 হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
Zborovođi. Uz žičano glazbalo. U oktavi. Psalam. Davidov. Jahve, nemoj me karati u srdžbi svojoj, ne kažnjavaj me u svojoj jarosti!
2 হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।
Smiluj mi se, Jahve, jer sam iznemog'o, Jahve, ozdravi me jer dršću kosti moje.
3 মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
Duboko mi je duša potresena, a ti, o Jahve - dokle ćeš?
4 হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
Vrati se, Jahve, dušu mi izbavi, spasi me rad svoje dobrote:
5 মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব? (Sheol h7585)
jer među mrtvima tko te se sjeća, u Podzemlju tko ti hvale pjeva? (Sheol h7585)
6 মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
Iznemogoh od pusta jecanja, u noći postelju plačem zalijevam, suzama ležaj natapam.
7 দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।
Od žalosti oko mi gasne i slabi, jer su mnogi neprijatelji moji.
8 হে দুষ্ট কার্য কৰা লোকবিলাক, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
Odstupite od mene, svi opaki, jer je Jahve plač moj čuo.
9 যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
Čuo je Jahve molbu moju, Jahve je primio moju molitvu.
10 ১০ মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।
Neka se postide i užasno zbune svi moji dušmani, i puni srama neka smjesta odstupe.

< সামসঙ্গীত 6 >