< সামসঙ্গীত 59 >
1 ১ হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা; মোৰ বিৰুদ্ধে উঠা সকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা।
(Til sangmesteren. Al-tasjhet. Af David. En miktam, da Saul sendte folk, som skulle vogte huset for at dræbe ham.) Fri mig fra mine Fjender, min Gud, bjærg mig fra dem, der rejser sig mod mig;
2 ২ অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা; ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।
fri mig fra Udådsmænd, frels mig fra blodstænkte Mænd!
3 ৩ কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে; হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে।
Thi se, de lurer efter min Sjæl, stærke Mænd stimler sammen imod mig, uden at jeg har Skyld eller Brøde.
4 ৪ তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।
Uden at jeg har forbrudt mig, HERRE, stormer de frem og stiller sig op. Vågn op og kom mig i Møde, se til!
5 ৫ হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ, তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা; কোনো দুর্নীতিপৰায়ণ পাপীক দয়া নকৰিবা। (চেলা)
Du er jo HERREN, Hærskarers Gud, Israels Gud. Vågn op og hjemsøg alle Folkene, skån ej een af de troløse Niddinger! (Sela)
6 ৬ তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে; নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।
Ved Aften kommer de tilbage, hyler som Hunde og stryger gennem Byen!
7 ৭ চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
Se, deres Mund løber over, på deres Læber er Sværd, thi: "Hvem skulde høre det?"
8 ৮ কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা।
Men du, o HERRE, du ler ad dem, du spotter alle Folk,
9 ৯ ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।
dig vil jeg lovsynge, du, min Styrke, thi Gud er mit Værn;
10 ১০ মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী; মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব।
med Nåde kommer min Gud mig i Møde, Gud lader mig se mine Fjender med Fryd!
11 ১১ মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা। হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা।
Slå dem ikke ihjel, at ikke mit Folk skal glemme, gør dem hjemløse med din Vælde og styrt dem,
12 ১২ তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
giv dem hen, o Herre, i Mundens Synd, i Læbernes Ord, og lad dem hildes i deres Hovmod for de Eder og Løgne, de siger;
13 ১৩ তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। (চেলা)
udryd dem i Vrede, gør Ende på dem, så man kan kende til Jordens Ender, at Gud er Hersker i Jakob! (Sela)
14 ১৪ তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; নগৰত চাৰিওফালে ভ্ৰমণ কৰক।
Ved Aften kommer de tilbage, hyler som Hunde og stryger gennem Byen,
15 ১৫ তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব; যদি তৃপ্ত নহয়, তেনেহলে বিৰক্তিত উজাগৰে থাকিব।
vanker rundt efter Føde og knurrer, når de ikke mættes.
16 ১৬ কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম; এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম; কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।
Men jeg, jeg vil synge om din Styrke, juble hver Morgen over din Nåde; thi du blev mig et Værn, en Tilflugt på Nødens Dag.
17 ১৭ হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম; কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।
Dig vil jeg lovsynge, du, min Styrke, thi Gud er mit Værn, min nådige Gud.