< সামসঙ্গীত 58 >
1 ১ তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল, তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?
Unto the end. May you not destroy. Of David, with the inscription of a title. If, truly and certainly, you speak justice, then judge what is right, you sons of men.
2 ২ বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কার্য আছে; তোমালোকে পৃথিবীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা।
For, even in your heart, you work iniquity. Your hands construct injustice on the earth.
3 ৩ দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়।
Sinners have become foreigners from the womb; they have gone astray from conception. They have been speaking falsehoods.
4 ৪ সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
Their fury is similar to that of a serpent; it is like a deaf asp, who even blocks her ears,
5 ৫ সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
who will not listen to the voice of charmers, nor even to the enchanter who chants wisely.
6 ৬ হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
God will crush their teeth within their own mouth. The Lord will break the molars of the lions.
7 ৭ বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।
They will come to nothing, like water flowing away. He has aimed his bow, while they are being weakened.
8 ৮ শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
Like wax that flows, they will be carried away. Fire has fallen upon them, and they will not see the sun.
9 ৯ তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব।
Before your thorns could know the brier, he consumes them alive, as if in rage.
10 ১০ ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব।
The just one will rejoice when he sees vindication. He will wash his hands in the blood of the sinner.
11 ১১ তাকে দেখি লোকসকলে ক’ব, “সচাঁকৈয়ে ধাৰ্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।”
And man will say, “If the just one is fruitful, then, truly, there is a God judging them on earth.”