< সামসঙ্গীত 57 >
1 ১ হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
Bodi mi usmiljen, oh Bog, bodi mi usmiljen, kajti moja duša zaupa vate. Da, v senci tvojih peruti si bom pripravil svoje zatočišče, dokler te katastrofe ne bodo minile.
2 ২ মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।
Klical bom k Bogu najvišjemu, k Bogu, ki zame opravlja vse stvari.
3 ৩ মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; (চেলা) ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।
Poslal bo z neba in me rešil pred grajo tistega, ki me hoče požreti. (Sela) Bog bo poslal svoje usmiljenje in svojo resnico.
4 ৪ মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
Moja duša je med levi in ležim celó med tistimi, ki so vneti z ognjem, celó človeškimi sinovi, katerih zobje so sulice in puščice ter njihov jezik oster meč.
5 ৫ হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
Bodi povišan, oh Bog, nad nebo, naj bo tvoja slava nad vso zemljo.
6 ৬ সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে। সিহঁতে মোৰ সন্মুখত গাত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল। (চেলা)
Pripravili so mrežo za moje korake, moja duša je sklonjena. Zame so pred menoj izkopali jamo in v katere sredo so sami padli. (Sela)
7 ৭ হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।
Moje srce je trdno, oh Bog, moje srce je trdno. Prepeval bom in dajal hvalo.
8 ৮ হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
Zbudi se kvišku, moja slava, zbudita se plunka in harfa. Jaz sam se bom prebudil zgodaj.
9 ৯ হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
Hvalil te bom, oh Gospod, med ljudstvom, prepeval ti bom med narodi.
10 ১০ কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে।
Kajti tvoje usmiljenje je veliko do neba in tvoja resnica do oblakov.
11 ১১ হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
Bodi povišan, oh Bog, nad nebo. Naj bo tvoja slava nad vso zemljo.