< সামসঙ্গীত 56 >
1 ১ হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।
Mictam di Davide, intorno a ciò che i Filistei lo presero in Gat; [dato] al Capo dei Musici, in su Ionat-elem-rehochim ABBI pietà di me, o Dio; Perciocchè gli uomini a gola aperta sono dietro a me; [I miei] assalitori mi stringono tuttodì.
2 ২ মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।
I miei nemici son dietro a me a gola aperta tuttodì; Perciocchè gran numero di gente mi assale da alto.
3 ৩ যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম।
Nel giorno [che] io temerò, Io mi confiderò in te.
4 ৪ মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?
Coll'[aiuto di] Dio, io loderò la sua parola; Io mi confido in Dio, Io non temerò cosa che mi possa far la carne.
5 ৫ সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।
Tuttodì fanno dolorose le mie parole; Tutti i lor pensieri [son] contro a me a male.
6 ৬ সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।
Si radunano insieme, stanno in agguato; spiano le mie pedate, Come aspettando [di coglier] l'anima mia.
7 ৭ অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে? হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা।
In vano [sarebbe] il salvar loro [la vita]; O Dio, trabocca i popoli nella [tua] ira.
8 ৮ তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?
Tu hai contate le mie fughe; Riponi le mie lagrime ne' tuoi barili; Non [sono elleno] nel tuo registro?
9 ৯ সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ।
Allora i miei nemici volteranno le spalle, nel giorno che io griderò; Questo so io, che Iddio [è] per me.
10 ১০ মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।
Con [l'aiuto di] Dio, io loderò la [sua] parola; Con [l'aiuto del] Signore, io loderò la [sua] parola.
11 ১১ মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
Io mi confido in Dio; Io non temerò cosa che mi possa far l'uomo.
12 ১২ হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।
[Io ho] sopra me i voti che io ti ho fatti, o Dio; Io ti renderò lodi.
13 ১৩ কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা; জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ, তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?
Conciossiachè tu abbi riscossa l'anima mia dalla morte; Non [hai tu guardati] i miei piedi di ruina, Acciocchè io cammini nel cospetto di Dio nella luce de' viventi?