< সামসঙ্গীত 55 >
1 ১ হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা।
Usliši, Bože, molitvu moju, i nemoj se sakriti od moljenja mojega.
2 ২ মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;
Pazi, i saslušaj me; cvilim u jadu svom i uzdišem
3 ৩ শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।
Od vike neprijateljske i od dosade bezbožnièke; jer dižu na me zlo, i u gnjevu gone me.
4 ৪ মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।
Srce je moje uzdrktalo u meni, i strah smrtni popade me;
5 ৫ ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ।
Strah i trepet doðe na me, i groza poduze me.
6 ৬ মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,
I rekoh: ko bi mi dao krila golubinja? ja bih odleteo i poèinuo;
7 ৭ চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন; গৈ অৰণ্যত বাস কৰিলোহেঁতেন। (চেলা)
Daleko bih pobjegao, i nastanio se u pustinji.
8 ৮ প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।
Pohitao bih da uteèem od vihora i od bure.
9 ৯ হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।
Porazi, Gospode, i razdijeli jezike njihove, jer vidim nasilje i svaðu u gradu;
10 ১০ তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।
Danju i noæu to hodi po zidovima njegovijem; zloèinstvo je i muka posred njega.
11 ১১ ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।
Usred njega je pogibao, s ulice njegove ne odlazi prijevara i lukavstvo.
12 ১২ কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।
Jer ne ruži me neprijatelj moj, to bih podnio; ne ustaje na me javni nenavidnik, od njega bih se sakrio.
13 ১৩ কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।
Nego ti koji si mi bio to što ja sam, drug moj i znanac moj.
14 ১৪ আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
S kojim mi bješe radost dijeliti tajnu, i u dom Božji hodih kroz sabor narodni.
15 ১৫ মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে। (Sheol )
Neka ih ugrabi smrt, neka živi siðu u pakao, jer je zloèinstvo u stanu njihovu i u njima. (Sheol )
16 ১৬ মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।
Ja Boga prizivljem, i Gospod æe me spasti.
17 ১৭ গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।
Veèerom i jutrom i u podne tužim i uzdišem, i èuæe glas moj;
18 ১৮ কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।
Uèiniæe, te æe duša moja biti mirna od onijeh koji napadaju na me, jer ih mnogo imam.
19 ১৯ ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। (চেলা) যি মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে।
Da usliši, i ukroti ih Bog, koji živi od vijeka; jer se ne mijenjaju i ne boje se Boga.
20 ২০ মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।
Dižu ruke svoje na one koji su s njima u miru, i raskidaju svoju družbu.
21 ২১ তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।
Usta su im meka kao maslo, a na srcu im je rat. Rijeèi su im blaže od ulja, ali su goli maèevi.
22 ২২ যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
Stavi na Gospoda breme svoje, i on æe te potkrijepiti. Neæe dati dovijeka pravedniku da posrne.
23 ২৩ কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।
Ti æeš ih, Bože, svaliti u jamu pogibli; krvopije i lukavi neæe sastaviti polovine dana svojih. A ja se u tebe uzdam.