< সামসঙ্গীত 54 >

1 হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।
For the leader. With stringed instruments. A maskil of David, when the Ziphites came and said to Saul, “David is in hiding among us”. Save me, O God, by your name, by your power secure for me justice.
2 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।
Listen, O God, to my prayer, attend to the words of my mouth.
3 কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। (চেলা)
For proud men have risen against me, and terrible men seek my life, men who do not set God before them. (Selah)
4 কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
But see! God is my helper, the Lord is sustaining my life.
5 তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।
Let their evil fall back on my foes: cut them off in your faithfulness, Lord.
6 মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।
Then will I bring you glad sacrifice, praising your gracious name;
7 কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।
for from all distress you have saved me, and feasted my eyes on my foes.

< সামসঙ্গীত 54 >