< সামসঙ্গীত 53 >
1 ১ নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
För sångmästaren, till Mahalát; en sång av David.
2 ২ ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।
Dårarna säga i sina hjärtan: »Det finnes ingen Gud.» Fördärv och styggelse är deras onda verk; ingen finnes, som gör vad gott är.
3 ৩ তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
Gud skådar ned från himmelen på människors barn, för att se om det finnes någon förståndig, någon som söker Gud.
4 ৪ “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে। তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।
Nej, alla hava de avfallit, allasammans äro de fördärvade; ingen finnes, som gör vad gott är, det finnes icke en enda.
5 ৫ আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে। সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।
Hava de då intet fått förnimma, dessa ogärningsmän, dessa som uppäta mitt folk, likasom åte de bröd, och som icke åkalla Gud?
6 ৬ ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।
Jo, där överföll dem förskräckelse, varest intet förskräckligt var; ty Gud förströdde deras ben, när de lägrade sig mot dig. Så lät du dem komma på skam, ja, Gud förkastade dem. Ack att från Sion komme frälsning för Israel! När Gud vill åter upprätta sitt folk, då skall Jakob fröjda sig, då skall Israel vara glad.