< সামসঙ্গীত 53 >

1 নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
למנצח על-מחלת משכיל לדוד ב אמר נבל בלבו אין אלהים השחיתו והתעיבו עול-- אין עשה-טוב
2 ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।
אלהים-- משמים השקיף על-בני-אדם לראות היש משכיל-- דרש את-אלהים
3 তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
כלו סג יחדו נאלחו אין עשה-טוב אין גם-אחד
4 “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে। তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।
הלא ידעו פעלי-און אכלי עמי אכלו לחם אלהים לא קראו
5 আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে। সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।
שם פחדו פחד-- לא-היה-פחד כי-אלהים--פזר עצמות חנך הבשתה כי-אלהים מאסם
6 ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।
מי יתן מציון ישעות ישראל בשוב אלהים שבות עמו יגל יעקב ישמח ישראל

< সামসঙ্গীত 53 >