< সামসঙ্গীত 52 >
1 ১ হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
In finem. Intellectus David, cum venit Doëg Idumæus, et nuntiavit Sauli: Venit David in domum Achimelech. Quid gloriaris in malitia, qui potens es in iniquitate?
2 ২ তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
Tota die injustitiam cogitavit lingua tua; sicut novacula acuta fecisti dolum.
3 ৩ তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। (চেলা)
Dilexisti malitiam super benignitatem; iniquitatem magis quam loqui æquitatem.
4 ৪ হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
Dilexisti omnia verba præcipitationis; lingua dolosa.
5 ৫ কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
Propterea Deus destruet te in finem; evellet te, et emigrabit te de tabernaculo tuo, et radicem tuam de terra viventium.
6 ৬ ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
Videbunt justi, et timebunt; et super eum ridebunt, et dicent:
7 ৭ “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে।”
Ecce homo qui non posuit Deum adjutorem suum; sed speravit in multitudine divitiarum suarum, et prævaluit in vanitate sua.
8 ৮ কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা; মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।
Ego autem, sicut oliva fructifera in domo Dei; speravi in misericordia Dei, in æternum et in sæculum sæculi.
9 ৯ হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম; তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল।
Confitebor tibi in sæculum, quia fecisti; et exspectabo nomen tuum, quoniam bonum est in conspectu sanctorum tuorum.