< সামসঙ্গীত 52 >

1 হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
WHY boastest thou thyself in mischief, O mighty man? the goodness of God endureth continually.
2 তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
Thy tongue deviseth mischiefs; like a sharp rasor, working deceitfully.
3 তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। (চেলা)
Thou lovest evil more than good; and lying rather than to speak righteousness. (Selah)
4 হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
Thou lovest all devouring words, O thou deceitful tongue.
5 কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
God shall likewise destroy thee for ever, he shall take thee away, and pluck thee out of thy dwelling place, and root thee out of the land of the living. (Selah)
6 ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
The righteous also shall see, and fear, and shall laugh at him:
7 “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে।”
Lo, this is the man that made not God his strength; but trusted in the abundance of his riches, and strengthened himself in his wickedness.
8 কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা; মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।
But I am like a green olive tree in the house of God: I trust in the mercy of God for ever and ever.
9 হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম; তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল।
I will praise thee for ever, because thou hast done it: and I will wait on thy name; for it is good before thy saints.

< সামসঙ্গীত 52 >