< সামসঙ্গীত 51 >
1 ১ হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোক কৃপা কৰা, তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।
Přednímu z kantorů, žalm Davidův, Když k němu přišel Nátan prorok, po jeho vjití k Betsabé. Smiluj se nade mnou, Bože, podlé milosrdenství svého, podlé množství slitování svých shlaď přestoupení má.
2 ২ মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।
Dokonale obmej mne od nepravosti mé, a od hříchu mého očisť mne.
3 ৩ মোৰ পাপবোৰ মই নিজে জানিছোঁ; মোৰ পাপ সদায় মোৰ আগত আছে।
Nebo já znám přestoupení svá, a hřích můj přede mnou jest ustavičně.
4 ৪ তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ; তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলোঁ; তুমি তোমাৰ বাক্যত ধাৰ্মিক, তোমাৰ বিচাৰ নিখুঁত।
Tobě, tobě samému, zhřešil jsem, a zlého se před očima tvýma dopustil, abys spravedlivý zůstal v řečech svých, a bez úhony v soudech svých.
5 ৫ চোৱা, অধৰ্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে।
Aj, v nepravosti zplozen jsem, a v hříchu počala mne matka má.
6 ৬ তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা; সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।
Aj, ty libuješ pravdu u vnitřnostech, nadto skrytou moudrost zjevil jsi mi.
7 ৭ এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।
Vyčisť mne yzopem, a očištěn budu, umej mne, a nad sníh bělejší budu.
8 ৮ মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া; তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।
Dej mi slyšeti radost a potěšení, tak ať zpléší kosti mé, kteréž jsi potřel.
9 ৯ মোৰ পাপ সমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা; মোৰ সকলো অপৰাধ মোচন কৰা।
Odvrať tvář svou přísnou od hříšností mých, a vymaž všecky nepravosti mé.
10 ১০ হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
Srdce čisté stvoř mi, ó Bože, a ducha přímého obnov u vnitřnostech mých.
11 ১১ তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।
Nezamítej mne od tváři své, a Ducha svatého svého neodjímej ode mne.
12 ১২ তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা।
Navrať mi radost spasení svého, a duchem dobrovolným utvrď mne.
13 ১৩ তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম, তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব।
I budu vyučovati přestupníky cestám tvým, aby hříšníci k tobě se obraceli.
14 ১৪ হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।
Vytrhni mne z pomsty pro vylití krve, ó Bože, Bože spasiteli můj, a budeť s veselím prozpěvovati jazyk můj o spravedlnosti tvé.
15 ১৫ হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা; মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব।
Pane, rty mé otevři, i budou ústa má zvěstovati chválu tvou.
16 ১৬ কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন; হোমবলিতো তুমি সন্তুষ্ট নোহোৱা।
Nebo neoblíbil bys oběti, bychť ji i dal, aniž bys zápalu přijal.
17 ১৭ ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।
Oběti Boží duch skroušený; srdcem skroušeným a potřebným, Bože, nezhrzíš.
18 ১৮ তোমাৰ মংগলময় ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা; যিৰূচালেমৰ প্রাচীৰ তুমি পুনৰ নিৰ্ম্মাণ কৰা।
Dobrotivě nakládej z milosti své s Sionem, vzdělej zdi Jeruzalémské.
19 ১৯ তেতিয়া ধাৰ্মিকতাৰ বলি উৎসর্গ, হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত তুমি আনন্দিত হ’বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব।
A tehdáž sobě zalíbíš oběti spravedlnosti, zápaly a pálení celých obětí, tehdážť voly na oltáři tvém obětovati budou.