< সামসঙ্গীত 50 >

1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
Saamu ti Asafu. Olúwa, Ọlọ́run alágbára, sọ̀rọ̀ kí o sì pe ayé jọ láti ìlà-oòrùn títí dé ìwọ̀ rẹ̀.
2 চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
Láti Sioni wá, pípé ni ẹwà, Ọlọ́run tí ń tan ìmọ́lẹ̀
3 আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
Ọlọ́run ń bọ̀, bẹ́ẹ̀ ni kì yóò dákẹ́, iná yóò máa jó níwájú rẹ̀, àti ní àyíká rẹ̀ ni ẹ̀fúùfù líle yóò ti máa jà ká.
4 তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
Yóò sì pe àwọn ọ̀run láti òkè wá jọ àti ayé, kí o le máa ṣe ìdárò àwọn ènìyàn rẹ̀.
5 “মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
“Kó àwọn ènìyàn mímọ́ jọ fún mi àwọn tí wọn fi ẹbọ dá májẹ̀mú fún mi.”
6 আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)
Àwọn ọ̀run yóò sì sọ̀rọ̀ òdodo rẹ̀, nítorí Ọlọ́run fúnra rẹ̀ ni onídàájọ́.
7 হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
“Ẹ gbọ́, ẹ̀yin ènìyàn mi, èmi yóò si sọ̀rọ̀, ìwọ Israẹli, èmi yóò jẹ́rìí sí ọ: èmi ní Ọlọ́run, àní Ọlọ́run rẹ.
8 তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
Èmi kí yóò bá ọ wí nítorí àwọn ìrúbọ rẹ, tàbí ọrẹ ẹbọ sísun rẹ, èyí tí ó wà níwájú mi ní ìgbà gbogbo.
9 তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
Èmí kò fẹ́ kí ó mú akọ màlúù láti inú ilé tí o kọ́ fún un, tàbí kí o mú òbúkọ láti inú agbo ẹran rẹ̀
10 ১০ কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
nítorí gbogbo ẹran igbó ni tèmi àti ẹran ọ̀sìn lórí ẹgbẹ̀rún òkè.
11 ১১ এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
Èmi mọ gbogbo ẹyẹ ní orí àwọn òkè ńlá àti gbogbo ẹ̀dá alààyè tí ó wà ní orí ilẹ̀ ni tèmi.
12 ১২ “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
Bí ebi tilẹ̀ ń pa mí, èmi kì yóò sọ fún ọ, nítorí ayé ni tèmi àti ohun gbogbo tí ó wa ní inú rẹ̀.
13 ১৩ ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
Ǹjẹ́ èmi yóò ha jẹ ẹran akọ màlúù tàbí mú ẹ̀jẹ̀ òbúkọ?
14 ১৪ ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
“Rú ẹbọ ọpẹ́ sí Ọlọ́run, kí o sì san ẹ̀jẹ́ rẹ fún Ọ̀gá-ògo.
15 ১৫ সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
Kí o sì pè mí ní ọjọ́ ìpọ́njú, èmi yóò gbà ọ́, ìwọ yóò sì bu ọlá fún mi.”
16 ১৬ কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
Ṣùgbọ́n Ọlọ́run sọ fún àwọn, ènìyàn búburú: “Kí ní ẹ̀tọ́ tí o ní tí ìwọ fi ń tún àwọn ìlànà mi sọ, tàbí tí ìwọ sì ń sọ májẹ̀mú mi ní ẹnu rẹ?
17 ১৭ কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
Ìwọ kórìíra àṣẹ mi, ìwọ sì ṣá ọ̀rọ̀ mí tì sí apá kan.
18 ১৮ চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
Nígbà tí ìwọ rí olè, ìwọ dára pọ̀ mọ́ ọn, ìwọ sì da ara rẹ dé àwọn alágbèrè.
19 ১৯ দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
Ìwọ lo ẹnu rẹ fún aburú, ìwọ sì ń fi ahọ́n rẹ pète ẹ̀tàn.
20 ২০ তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
Ní ìgbà gbogbo ìwọ ń sọ̀rọ̀ sí arákùnrin rẹ, ìwọ sì ń ba orúkọ ọmọ ìyá rẹ jẹ́.
21 ২১ এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
Àwọn nǹkan wọ̀nyí ni ìwọ ti ṣe, mo sì dákẹ́; ìwọ rò pé mo jẹ́ irú kan náà bí ìrẹ, ṣùgbọ́n èmi yóò bá ọ wí, èmi yóò sì fi ẹ̀sùn kàn ọ́ ní ojú ara rẹ.
22 ২২ তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
“Ǹjẹ́ ìwọ ro èyí wò, ẹ̀yin tí ó gbàgbé Ọlọ́run. Bí bẹ́ẹ̀ kọ́ èmi yóò fa yin ya pẹ́rẹpẹ̀rẹ, láìsí ẹni tí yóò gbà yin sílẹ̀.
23 ২৩ যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
Ẹni tí ó ba ní ẹbọ ọrẹ-ọpẹ́ bu ọlá fún mi; kí ó sì tún ọ̀nà rẹ̀ ṣe, kí èmi kí ó le fi ìgbàlà Ọlọ́run hàn án.”

< সামসঙ্গীত 50 >