< সামসঙ্গীত 50 >
1 ১ পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
Asáf zsoltára. Az Istenek Istene, az Úr szól, és hívja a földet a nap keltétől lenyugtáig.
2 ২ চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
A Sionról, a melynek szépsége tökéletes, fényeskedik Isten.
3 ৩ আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
Eljön a mi Istenünk és nem hallgat; emésztő tűz van előtte, s körülte erős forgószél.
4 ৪ তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
Hívja az egeket onnan felül, és a földet, hogy megítélje népét:
5 ৫ “মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
Gyűjtsétek elém kegyeseimet, a kik áldozattal erősítik szövetségemet!
6 ৬ আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)
És az egek kijelentik az ő igazságát, mert az Isten biró. (Szela)
7 ৭ হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
Hallgass én népem, hadd szóljak! Te Izráel, hadd tegyek bizonyságot rólad; Isten vagyok én, a te Istened.
8 ৮ তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
Nem feddlek én téged áldozataidért, és hogy égőáldozataid szüntelen előttem vannak.
9 ৯ তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
De nem fogadhatok el tulkot a te házadból, vagy bakokat a te aklaidból;
10 ১০ কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
Mert enyém az erdőnek minden vadja, a barmok az ezernyi hegyeken.
11 ১১ এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
Ismerem a hegyeknek minden szárnyasát, és a mező állatai tudva vannak nálam.
12 ১২ “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
Ha megéhezném, nem mondanám meg néked, mert enyém e világ és ennek mindene.
13 ১৩ ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
Avagy eszem-é én a bikák húsát, és a bakoknak vérét iszom-é?
14 ১৪ ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
Hálával áldozzál az Istennek, és teljesítsd a felségesnek fogadásidat!
15 ১৫ সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
És hívj segítségül engem a nyomorúság idején, én megszabadítlak téged és te dicsőítesz engem.
16 ১৬ কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
A gonosznak pedig ezt mondja Isten: Miért beszélsz te rendeléseimről, és veszed szádra az én szövetségemet?
17 ১৭ কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
Hiszen te gyűlölöd a fenyítést, és hátad mögé veted rendelésimet!
18 ১৮ চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
Ha lopót látsz, mellé adod magad, és ha paráznákat, társalkodol velök.
19 ১৯ দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
A szádat gonoszságra tátod, és a nyelved csalárdságot sző.
20 ২০ তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
Leülsz és felebarátodra beszélsz, anyád fiát is megszidalmazod.
21 ২১ এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
Ezeket teszed és én hallgassak? Azt gondolod, olyan vagyok, mint te? Megfeddelek téged, és elédbe sorozom azokat.
22 ২২ তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
Értsétek meg ezt, ti Istent felejtők, hogy el ne ragadjalak menthetetlenül:
23 ২৩ যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
A ki hálával áldozik, az dicsőít engem, és a ki az útra vigyáz, annak mutatom meg Istennek szabadítását.