< সামসঙ্গীত 50 >

1 পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।
מזמור לאסף אל אלהים יהוה-- דבר ויקרא-ארץ ממזרח-שמש עד-מבאו
2 চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।
מציון מכלל-יפי-- אלהים הופיע
3 আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
יבא אלהינו ואל-יחרש אש-לפניו תאכל וסביביו נשערה מאד
4 তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।
יקרא אל-השמים מעל ואל-הארץ לדין עמו
5 “মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”
אספו-לי חסידי-- כרתי בריתי עלי-זבח
6 আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)
ויגידו שמים צדקו כי-אלהים שפט הוא סלה
7 হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
שמעה עמי ואדברה-- ישראל ואעידה בך אלהים אלהיך אנכי
8 তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
לא על-זבחיך אוכיחך ועולתיך לנגדי תמיד
9 তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
לא-אקח מביתך פר ממכלאתיך עתודים
10 ১০ কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
כי-לי כל-חיתו-יער בהמות בהררי-אלף
11 ১১ এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
ידעתי כל-עוף הרים וזיז שדי עמדי
12 ১২ “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
אם-ארעב לא-אמר לך כי-לי תבל ומלאה
13 ১৩ ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
האוכל בשר אבירים ודם עתודים אשתה
14 ১৪ ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
זבח לאלהים תודה ושלם לעליון נדריך
15 ১৫ সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
וקראני ביום צרה אחלצך ותכבדני
16 ১৬ কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
ולרשע אמר אלהים מה-לך לספר חקי ותשא בריתי עלי-פיך
17 ১৭ কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
ואתה שנאת מוסר ותשלך דברי אחריך
18 ১৮ চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।
אם-ראית גנב ותרץ עמו ועם מנאפים חלקך
19 ১৯ দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
פיך שלחת ברעה ולשונך תצמיד מרמה
20 ২০ তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।
תשב באחיך תדבר בבן-אמך תתן-דפי
21 ২১ এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।
אלה עשית והחרשתי-- דמית היות-אהיה כמוך אוכיחך ואערכה לעיניך
22 ২২ তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
בינו-נא זאת שכחי אלוה פן-אטרף ואין מציל
23 ২৩ যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
זבח תודה יכבדנני ושם דרך--אראנו בישע אלהים

< সামসঙ্গীত 50 >