< সামসঙ্গীত 49 >

1 হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; হে জগত-নিবাসী, কাণ পাতা।
לַמְנַצֵּחַ ׀ לִבְנֵי־קֹרַח מִזְמֽוֹר׃ שִׁמְעוּ־זֹאת כָּל־הָֽעַמִּים הַאֲזִינוּ כָּל־יֹשְׁבֵי חָֽלֶד׃
2 উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।
גַּם־בְּנֵי אָדָם גַּם־בְּנֵי־אִישׁ יַחַד עָשִׁיר וְאֶבְיֽוֹן׃
3 মোৰ মুখে জ্ঞানৰ কথা কব; মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।
פִּי יְדַבֵּר חָכְמוֹת וְהָגוּת לִבִּי תְבוּנֽוֹת׃
4 মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম; বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম।
אַטֶּה לְמָשָׁל אָזְנִי אֶפְתַּח בְּכִנּוֹר חִידָתֽ͏ִי׃
5 মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে, সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম?
לָמָּה אִירָא בִּימֵי רָע עֲוֺן עֲקֵבַי יְסוּבֵּֽנִי׃
6 সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।
הַבֹּטְחִים עַל־חֵילָם וּבְרֹב עָשְׁרָם יִתְהַלָּֽלוּ׃
7 কোনেও কাকো কোনো প্রকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।
אָח לֹא־פָדֹה יִפְדֶּה אִישׁ לֹא־יִתֵּן לֵאלֹהִים כָּפְרֽוֹ׃
8 কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,
וְיֵקַר פִּדְיוֹן נַפְשָׁם וְחָדַל לְעוֹלָֽם׃
9 যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।
וִֽיחִי־עוֹד לָנֶצַח לֹא יִרְאֶה הַשָּֽׁחַת׃
10 ১০ আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
כִּי יִרְאֶה ׀ חֲכָמִים יָמוּתוּ יַחַד כְּסִיל וָבַעַר יֹאבֵדוּ וְעָזְבוּ לַאֲחֵרִים חֵילָֽם׃
11 ১১ তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
קִרְבָּם בָּתֵּימוֹ ׀ לְֽעוֹלָם מִשְׁכְּנֹתָם לְדֹר וָדֹר קָֽרְאוּ בִשְׁמוֹתָם עֲלֵי אֲדָמֽוֹת׃
12 ১২ কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
וְאָדָם בִּיקָר בַּל־יָלִין נִמְשַׁל כַּבְּהֵמוֹת נִדְמֽוּ׃
13 ১৩ যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
זֶה דַרְכָּם כֵּסֶל לָמוֹ וְאַחֲרֵיהֶם ׀ בְּפִיהֶם יִרְצוּ סֶֽלָה׃
14 ১৪ তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; তেওঁলোক চিয়োললৈ নামি যাব। তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব। (Sheol h7585)
כַּצֹּאן ׀ לִֽשְׁאוֹל שַׁתּוּ מָוֶת יִרְעֵם וַיִּרְדּוּ בָם יְשָׁרִים ׀ לַבֹּקֶר וצירם וְצוּרָם לְבַלּוֹת שְׁאוֹל מִזְּבֻל לֽוֹ׃ (Sheol h7585)
15 ১৫ কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা) (Sheol h7585)
אַךְ־אֱלֹהִים יִפְדֶּה נַפְשִׁי מִֽיַּד־שְׁאוֹל כִּי יִקָּחֵנִי סֶֽלָה׃ (Sheol h7585)
16 ১৬ যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
אַל־תִּירָא כִּֽי־יַעֲשִׁר אִישׁ כִּֽי־יִרְבֶּה כְּבוֹד בֵּיתֽוֹ׃
17 ১৭ কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
כִּי לֹא בְמוֹתוֹ יִקַּח הַכֹּל לֹא־יֵרֵד אַחֲרָיו כְּבוֹדֽוֹ׃
18 ১৮ যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
כִּֽי־נַפְשׁוֹ בְּחַיָּיו יְבָרֵךְ וְיוֹדֻךָ כִּי־תֵיטִיב לָֽךְ׃
19 ১৯ তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।
תָּבוֹא עַד־דּוֹר אֲבוֹתָיו עַד־נֵצַח לֹא יִרְאוּ־אֽוֹר׃
20 ২০ কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
אָדָם בִּיקָר וְלֹא יָבִין נִמְשַׁל כַּבְּהֵמוֹת נִדְמֽוּ׃

< সামসঙ্গীত 49 >