< সামসঙ্গীত 48 >
1 ১ আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,
Orin. Saamu ti àwọn ọmọ Kora. Ẹni ńlá ní Olúwa, tí ó sì yẹ láti máa yìn ní ìlú Ọlọ́run wa, lórí òkè mímọ́ rẹ̀.
2 ২ উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
Ó dára nínú ipò ìtẹ́ rẹ̀, ayọ̀ gbogbo ayé, òkè Sioni, ní ìhà àríwá ní ìlú ọba ńlá.
3 ৩ ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে।
Ọlọ́run wà nínú ààbò ààfin rẹ̀; ó fi ara rẹ̀ hàn láti jẹ́ odi alágbára.
4 ৪ ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।
Nígbà tí àwọn ọba kógun jọ pọ̀, wọ́n jùmọ̀ ń kọjá lọ.
5 ৫ তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
Wọn rí i, bẹ́ẹ̀ ni ẹnu sì yà wọ́n, a yọ wọ́n lẹ́nu, wọ́n yára lọ.
6 ৬ সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
Ẹ̀rù sì bà wọ́n níbẹ̀, ìrora gẹ́gẹ́ bí obìnrin tí ó wà nínú ìrọbí.
7 ৭ যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
Ìwọ bà wọ́n jẹ́ gẹ́gẹ́ bí ọkọ̀ orí omi Tarṣiṣi, wọ́n fọ́nká láti ọwọ́ ìjì ìlà-oòrùn.
8 ৮ বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)
Gẹ́gẹ́ bí a ṣe gbọ́, bẹ́ẹ̀ ni àwa rí, ní inú Olúwa àwọn ọmọ-ogun ní ìlú Ọlọ́run wa, Ọlọ́run jẹ́ kí ó wà ní abẹ́ ààbò títí láéláé. (Sela)
9 ৯ হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।
Láàrín tẹmpili rẹ, Ọlọ́run, àwa ti ń sọ ti ìṣeun ìfẹ́ rẹ.
10 ১০ হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।
Gẹ́gẹ́ bí orúkọ rẹ Ọlọ́run, ìyìn rẹ̀ dé òpin ayé, ọwọ́ ọ̀tún rẹ kún fún òdodo.
11 ১১ তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ উল্লাস কৰা।
Jẹ́ kí òkè Sioni kí ó yọ̀ kí inú àwọn ọmọbìnrin Juda kí ó dùn nítorí ìdájọ́ rẹ.
12 ১২ তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা।
Rìn Sioni kiri lọ yíká rẹ̀, ka ilé ìṣọ́ rẹ̀.
13 ১৩ তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা।
Kíyèsi odi rẹ̀, kíyèsi àwọn ààfin rẹ̀ kí ẹ̀yin lè máa wí fún ìran tí ń bọ̀.
14 ১৪ এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।
Nítorí Ọlọ́run yìí Ọlọ́run wà ní títí ayé, Òun ni yóò ṣe amọ̀nà wa títí dè òpin ayé.