< সামসঙ্গীত 48 >
1 ১ আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,
Canción: Salmo de los hijos de Coré. GRANDE es Jehová y digno de ser en gran manera alabado, en la ciudad de nuestro Dios, en el monte de su santuario.
2 ২ উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
Hermosa provincia, el gozo de toda la tierra es el monte de Sión, á los lados del aquilón, la ciudad del gran Rey.
3 ৩ ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে।
Dios en sus palacios es conocido por refugio.
4 ৪ ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।
Porque he aquí los reyes de la tierra se reunieron; pasaron todos.
5 ৫ তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
Y viéndola ellos así, maravilláronse, se turbaron, diéronse priesa [á huir].
6 ৬ সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
Tomólos allí temblor; dolor, como á mujer que pare.
7 ৭ যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
Con viento solano quiebras tú las naves de Tharsis.
8 ৮ বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)
Como [lo] oímos, así hemos visto en la ciudad de Jehová de los ejércitos, en la ciudad de nuestro Dios: afirmarála Dios para siempre. (Selah)
9 ৯ হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।
Esperamos tu misericordia, oh Dios, en medio de tu templo.
10 ১০ হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।
Conforme á tu nombre, oh Dios, así es tu loor hasta los fines de la tierra: de justicia está llena tu diestra.
11 ১১ তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ উল্লাস কৰা।
Alegraráse el monte de Sión; se gozarán las hijas de Judá por tus juicios.
12 ১২ তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা।
Andad alrededor de Sión, y rodeadla: contad sus torres.
13 ১৩ তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা।
Poned vuestro corazón á su antemuro, mirad sus palacios; para que lo contéis á la generación venidera.
14 ১৪ এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।
Porque este Dios es Dios nuestro eternalmente y para siempre: él nos capitaneará hasta la muerte.