< সামসঙ্গীত 48 >

1 আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,
שיר מזמור לבני-קרח ב גדול יהוה ומהלל מאד-- בעיר אלהינו הר-קדשו
2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।
יפה נוף משוש כל-הארץ הר-ציון ירכתי צפון קרית מלך רב
3 ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে।
אלהים בארמנותיה נודע למשגב
4 ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।
כי-הנה המלכים נועדו עברו יחדו
5 তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল।
המה ראו כן תמהו נבהלו נחפזו
6 সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।
רעדה אחזתם שם חיל כיולדה
7 যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
ברוח קדים-- תשבר אניות תרשיש
8 বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)
כאשר שמענו כן ראינו-- בעיר-יהוה צבאות בעיר אלהינו אלהים יכוננה עד-עולם סלה
9 হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।
דמינו אלהים חסדך-- בקרב היכלך
10 ১০ হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।
כשמך אלהים-- כן תהלתך על-קצוי-ארץ צדק מלאה ימינך
11 ১১ তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ উল্লাস কৰা।
ישמח הר ציון--תגלנה בנות יהודה למען משפטיך
12 ১২ তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা।
סבו ציון והקיפוה ספרו מגדליה
13 ১৩ তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা।
שיתו לבכם לחילה--פסגו ארמנותיה למען תספרו לדור אחרון
14 ১৪ এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।
כי זה אלהים אלהינו--עולם ועד הוא ינהגנו על-מות

< সামসঙ্গীত 48 >