< সামসঙ্গীত 47 >

1 হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
Fún adarí orin. Ti àwọn ọmọ Kora. Saamu. Ẹ pàtẹ́wọ́, gbogbo ẹ̀yin ènìyàn ẹ hó sí Ọlọ́run pẹ̀lú orin ayọ̀ tó rinlẹ̀.
2 সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
Báwo ni Olúwa Ọ̀gá-ògo ti ní ẹ̀rù tó ọba ńlá lórí gbogbo ayé.
3 তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
Ṣe ìkápá àwọn orílẹ̀-èdè lábẹ́ wa àwọn ènìyàn lábẹ́ ẹsẹ̀ wa
4 তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
Ó mú ilẹ̀ ìní wa fún wa, ọlá Jakọbu, ẹni tí ó fẹ́ wa.
5 ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
Ọlọ́run tó gòkè lọ tí òun tayọ̀, Olúwa ti òun ti ariwo ìpè.
6 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা।
Ẹ kọrin ìyìn sí Ọlọ́run, ẹ kọrin ìyìn. Ẹ kọrin ìyìn sí ọba wa, ẹ kọrin ìyìn!
7 কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
Nítorí Ọlọ́run ni ọba gbogbo ayé, ẹ kọrin ìyìn pẹ̀lú Saamu!
8 সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
Ọlọ́run jẹ ọba lórí gbogbo kèfèrí; Ọlọ́run jókòó lórí ìtẹ́ ìwà mímọ́ rẹ̀.
9 জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ; তেৱেঁই সবাতোকৈ মহান।
Àwọn aládé ayé kó ara wọn jọ gẹ́gẹ́ bí ènìyàn Ọlọ́run Abrahamu nítorí asà ayé ti Ọlọ́run ni, òun ni ó ga jùlọ.

< সামসঙ্গীত 47 >