< সামসঙ্গীত 46 >

1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
För sångmästaren; av Koras söner; till Alamót; en sång.
2 এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
Gud är vår tillflykt och vår starkhet, en hjälp i nöden, väl beprövad.
3 যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
Därför skulle vi icke frukta, om än jorden omvälvdes och bergen vacklade ned i havsdjupet;
4 এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।
om än dess vågor brusade och svallade, så att bergen bävade vid dess uppror. (Sela)
5 ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
En ström går fram, vars flöden giva glädje åt Guds stad, åt den Högstes heliga boning.
6 জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।
Gud bor därinne, den vacklar icke; Gud hjälper den, när morgonen gryr.
7 বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Hedningarna larma, riken vackla; han låter höra sin röst, då försmälter jorden.
8 আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা, তেওঁ পৃথিবীত ধ্বংস আনিছে।
HERREN Sebaot är med oss, Jakobs Gud är vår borg. (Sela)
9 তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।
Kommen och skåden HERRENS verk: gärningar som väcka häpnad gör han på jorden.
10 ১০ যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
Han stillar strider intill jordens ända, bågen bryter han sönder och bräcker spjutet, i eld bränner han upp stridsvagnarna.
11 ১১ বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
»Bliven stilla och besinnen att jag är Gud; hög varder jag bland hedningarna, hög på jorden.» HERREN Sebaot är men oss, Jakobs Gud är vår borg. (Sela)

< সামসঙ্গীত 46 >