< সামসঙ্গীত 46 >
1 ১ ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Kuom jatend wer. Mar yawuot Kora. Kaluwore gi dwond alamoth. Wer. Nyasaye e kar pondowa kendo tekowa, en e kar konyruok man kodwa seche duto.
2 ২ এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
Emomiyo ok wabi luor, kata bed ni piny okethore kendo gode mukore e chuny nam,
3 ৩ যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
Kata obedoni pige manie nam wuo kendo golo buoyo kata obedo ni gode yiengni kendo dhwolore. (Sela)
4 ৪ এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।
Nitie aora moro ma pige kelo mor e dala Nyasaye, e dala maler kama Nyasaye Man Malo Moloyo odakie.
5 ৫ ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
Nyasaye odak e iye omiyo ok obi podho; Nyasaye biro konye ka piny oyawore.
6 ৬ জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।
Ogendini nigi chandruok, kendo pinjeruodhi podho; otingʼo dwonde mi piny leny nono.
7 ৭ বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Jehova Nyasaye Maratego ni kodwa; Nyasach Jakobo e ohingawa. (Sela)
8 ৮ আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা, তেওঁ পৃথিবীত ধ্বংস আনিছে।
Biuru uneye tije Jehova Nyasaye, bi uneye kethruok mosekelo e piny.
9 ৯ তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।
Omiyo lwenje rumo e tungʼ piny koni gi koni; oturo atungʼ kendo ochodo tongʼ matindo tindo, bende owangʼo kuodi gi mach.
10 ১০ যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
“Bed mos, kendo ngʼe ni an Nyasaye; ogendini biro miya duongʼ; piny duto biro miya duongʼ.”
11 ১১ বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
Jehova Nyasaye Maratego ni kodwa; Nyasach Jakobo e ohingawa. (Sela)