< সামসঙ্গীত 45 >
1 ১ মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।
Az éneklőmesternek a sosannimra, Kóráh fiainak tanítása; ének a szerelmetesről. Fölbuzog szívem szép beszédre. Mondom: művem a királynak szól. Nyelvem gyors írónak tolla.
2 ২ মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।
Szebb, szebb vagy az ember fiainál, kedvesség ömledez ajakidon, azért áldott meg az Isten örökké.
3 ৩ হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
Kösd derekadra kardodat vitéz! Dicsőségedet és ékességedet.
4 ৪ ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।
És ékességedben haladj diadallal az igazságért, a szelidségért és jogért, és rettenetesre tanítson meg téged a te jobb kezed.
5 ৫ তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;
Nyilaid élesek; népek hullanak alád; a király ellenségeinek szívében.
6 ৬ ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।
Trónod oh Isten örökkévaló; igazságnak pálczája a te királyságodnak pálczája.
7 ৭ তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
Szereted az igazságot, gyűlölöd a gonoszságot, azért kent fel Isten, a te Istened öröm olajával társaid fölé.
8 ৮ গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।
Mirrha, áloe, kácziaillatú minden öltözeted; elefántcsont palotából zeneszóval vidámítnak téged.
9 ৯ তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।
Királyok leányai a te ékességeid; jobb kezed felől királyné áll ofiri aranyban.
10 ১০ হে কন্যা, মন দি কাণ পাতি শুনা; তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।
Halld csak leány, nézd csak; hajtsd ide füledet! Feledd el népedet és az atyád házát.
11 ১১ তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।
Szépségedet a király kivánja; hiszen urad ő, hódolj hát néki!
12 ১২ তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।
Tyrus leánya is, a nép dúsai, ajándékkal hizelegnek néked.
13 ১৩ ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।
Csupa ékesség a király leánya bent, vont aranyból van a ruhája.
14 ১৪ নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।
Hímes öltözetben viszik a királyhoz, szűzek vonulnak utána, az ő társnői; néked hozzák őket.
15 ১৫ আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব; তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।
Bevezetik őket örömmel, vígsággal; bemennek a király palotájába.
16 ১৬ তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব; লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।
Atyáid helyett fiaid lesznek, megteszed őket fejedelmekké mind az egész földön.
17 ১৭ মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম; সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।
Hadd hirdessem a te nevedet nemzedékről nemzedékre; örökkön örökké dicsérnek majd téged a népek!