< সামসঙ্গীত 44 >
1 ১ হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ; পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা, সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।
Načelniku godbe med nasledniki Koretovimi; ukovita. O Bog, z ušesi svojimi smo slišali, očetje naši so nam pravili, káko delo si storil o njih časih, časih nekdanjih.
2 ২ তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকক নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।
Z roko svojo si izgnal narode in naselil njé: pokoril si ljudstva in razširil njé.
3 ৩ তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
Niso namreč z mečem svojim dobili dežele v oblast, in njih dlan ni jim dala blaginje; nego desnica tvoja in dlan tvoja in obličja tvojega luč; ker blagovoljen si jim bil.
4 ৪ তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।
Ti sam si kralj moj, o Bog; pošlji vsakoršno blaginjo Jakobu.
5 ৫ আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
S teboj bodemo z rogom udarili sovražnike svoje; z imenom tvojim bodemo pogazili njé, ki se spenjajo v nas.
6 ৬ মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।
Ker na lok svoj se ne zanašam, in meč moj ne bode me rešil.
7 ৭ কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
Ko nas bodeš otél neprijateljev naših, in osramotil sovražnike naše,
8 ৮ ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
Hvalili bodemo ves dan Boga, ime tvoje bodemo slavili vekomaj.
9 ৯ কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।
In vendar si nas zavrgel in onečastil, ker nisi hodil z našimi vojskami.
10 ১০ শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে।
Storil si, da smo se umaknili sovražniku, in neprijatelji naši si plenijo.
11 ১১ তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
Predal si nas kakor drobnico za hrano, in med ljudstva si nas razkropil.
12 ১২ তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
Prodal si ljudstvo svoje za malo, in povišal nisi cene njegove.
13 ১৩ ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
Izpostavil si nas v sramoto sosedom našim, v zasramovanje in zasmehovanje njim, ki nas obdajajo.
14 ১৪ অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
Za pregovor si nas postavil ljudstvom, v majanje z glavo med narodi.
15 ১৫ ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
Ves dan mi je nečast moja pred očmi, in obličja mojega sramota me pokriva;
16 ১৬ মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
Zaradi glasú zasramovalca in preklinjalca; zaradi sovražnika in maščevalca.
17 ১৭ আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
Vse to nas je zadelo, in vendar te ne zabimo; in lažnjivo se ne vedemo zoper zavezo tvojo.
18 ১৮ তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
Ne odmika se srce naše, in stopinja naša ne zavija v stran od steze tvoje:
19 ১৯ তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
Če tudi si nas potrl v kraj sômov in pokril nas z mrtvaško senco.
20 ২০ আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
Ako bi bili pozabili imena Boga našega, ali razpeli roke svoje proti bogu mogočnemu tujemu,
21 ২১ তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
Ali bi ne bil Bog tega preiskal? Ker on pozná srca skrivnosti.
22 ২২ কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
Ali zavoljo tebe nas pobijajo vsak dan; cenijo nas kakor drobnico za klanje.
23 ২৩ হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
Zbúdi se, zakaj bi spal, Gospod? vstani, ne zametaj nas na večno.
24 ২৪ তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
Zakaj bi skrival obličje svoje, pozabljal nadloge naše in stiske naše?
25 ২৫ আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে।
Ker v prah je ponižano življenje naše, tál se tišči trebuh naš.
26 ২৬ উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।
Vstani na pomoč nam, in reši nas zavoljo milosti svoje.