< সামসঙ্গীত 40 >

1 মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে।
برای سالار مغنیان. مزمور داود انتظار بسیار برای خداوند کشیده‌ام، وبه من مایل شده، فریاد مرا شنید.۱
2 তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
و مرااز چاه هلاکت برآورد و از گل لجن و پایهایم را برصخره گذاشته، قدمهایم را مستحکم گردانید.۲
3 তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।
وسرودی تازه در دهانم گذارد یعنی حمد خدای ما را. بسیاری چون این را بینند ترسان شده، برخداوند توکل خواهند کرد.۳
4 ধন্য সেই লোক, যি লোকে যিহোৱাৰ ওপৰত ভাৰসা কৰে; যিজনে অহংকাৰীবোৰৰ ফালে নুঘূৰে, নাইবা মিছা দেৱতাবোৰৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।
خوشابحال کسی‌که بر خداوند توکل دارد و به متکبران ظالم ومرتدان دروغ مایل نشود.۴
5 হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা, আমাক লৈ তোমাৰ পৰিকল্পনা অনেক, তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
‌ای یهوه خدای ما چه بسیار است کارهای عجیب که تو کرده‌ای وتدبیرهایی که برای ما نموده‌ای. در نزد تو آنها راتقویم نتوان کرد، اگر آنها را تقریر و بیان بکنم، ازحد شمار زیاده است.۵
6 তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা; তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা; হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।
در قربانی و هدیه رغبت نداشتی. اما گوشهای مرا باز کردی. قربانی سوختنی و قربانی گناه را نخواستی.۶
7 তেতিয়া মই ক’লো, “এইয়া মই আহিছোঁ; পুস্তক খনত মই অহাৰ বিষয়ে লিখা আছে।
آنگاه گفتم: «اینک می‌آیم! در طومار کتاب درباره من نوشته شده است.۷
8 হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ; তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”
در بجا آوردن اراده تو‌ای خدای من رغبت می‌دارم و شریعت تو در اندرون دل من است.»۸
9 মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
در جماعت بزرگ به عدالت بشارت داده‌ام. اینک لبهای خود را باز نخواهم داشت وتو‌ای خداوند می‌دانی.۹
10 ১০ তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।
عدالت تو را در دل خود مخفی نداشته‌ام. امانت و نجات تو را بیان کرده‌ام. رحمت و راستی تو را از جماعت بزرگ پنهان نکرده‌ام.۱۰
11 ১১ হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।
پس تو‌ای خداوند لطف خودرا از من باز مدار. رحمت و راستی تو دائم مرامحافظت کند.۱۱
12 ১২ কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।
زیرا که بلایای بیشمار مرااحاطه می‌کند. گناهانم دور مرا گرفته است به حدی که نمی توانم دید. از مویهای سر من زیاده است و دل من مرا ترک کرده است.۱۲
13 ১৩ হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।
‌ای خداوند مرحمت فرموده، مرا نجات بده. ای خداوند به اعانت من تعجیل فرما.۱۳
14 ১৪ যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।
آنانی که قصد هلاکت جان من دارند، جمیع خجل و شرمنده شوند. و آنانی که در بدی من رغبت دارند، به عقب برگردانیده و رسوا گردند.۱۴
15 ১৫ যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে,” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক।
آنانی که بر من هه هه می‌گویند، به‌سبب خجالت خویش حیران شوند.۱۵
16 ১৬ কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।”
و اما جمیع طالبان تو در تو وجد و شادی نمایند و آنانی که نجات تو را دوست دارند، دائم گویند که خداوند بزرگ است.۱۶
17 ১৭ কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।
و اما من مسکین و فقیرهستم و خداوند درباره من تفکر می‌کند. تو معاون و نجات‌دهنده من هستی. ای خدای من، تاخیرمفرما.۱۷

< সামসঙ্গীত 40 >