< সামসঙ্গীত 4 >
1 ১ হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
TO THE OVERSEER. WITH STRINGED INSTRUMENTS. A PSALM OF DAVID. In my calling answer me, O God of my righteousness. In adversity You gave enlargement to me; Favor me, and hear my prayer.
2 ২ হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)
Sons of men! Until when [is] my glory for shame? You love a vain thing, you seek a lie. (Selah)
3 ৩ কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
And know that YHWH Has separated a saintly one to Himself. YHWH hears in my calling to Him.
4 ৪ তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)
“Tremble, and do not sin”; Say [thus] in your heart on your bed, And be silent. (Selah)
5 ৫ তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
Sacrifice sacrifices of righteousness, And trust in YHWH.
6 ৬ অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
Many are saying, “Who shows us good?” Lift on us the light of Your face, O YHWH,
7 ৭ প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
You have given joy in my heart, From the time their grain and their wine Have been multiplied.
8 ৮ মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।
Together I lie down and sleep in peace, For You, O YHWH, alone, Cause me to dwell in confidence!