< সামসঙ্গীত 4 >

1 হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
(Til sangmesteren. Med strengespil. En salme af David.) Svar, når jeg råber, min Retfærds Gud! I Trængsel skaffede du mig Rum. Vær nådig og hør min Bøn!
2 হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)
Hvor længe, I Mænd, skal min Ære skændes? Hvor længe vil I elske Tomhed, søge Løgn? (Sela)
3 কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
Vid dog, at HERREN er mig underfuldt god; når jeg påkalder HERREN, hører han mig.
4 তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)
Vredes kun, men forsynd eder ikke, tænk efter på eders Leje og ti! (Sela)
5 তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
Bring rette Ofre og stol på HERREN!
6 অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
Mange siger: "Hvo bringer os Lykke?" Opløft på os dit Åsyns Lys!
7 প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
HERRE, du skænked mit Hjerte en Glæde, større end deres, da Korn og Most flød over.
8 মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।
I Fred går jeg til Hvile og slumrer straks, thi, HERRE, du lader mig bo alene i Tryghed.

< সামসঙ্গীত 4 >