< সামসঙ্গীত 39 >
1 ১ মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”
Fún adarí orin. Fún Jedutuni. Saamu Dafidi. Mo wí pé, “Èmi yóò ṣọ́ ọ̀nà mi kí èmi kí ó má fi ahọ́n mi ṣẹ̀; èmi yóò fi ìjánu kó ara mi ní ẹnu níwọ̀n ìgbà tí ènìyàn búburú bá ń bẹ ní iwájú mi.”
2 ২ মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।
Mo fi ìdákẹ́ ya odi; mo tilẹ̀ pa ẹnu mi mọ́ kúrò nínú ọ̀rọ̀ rere; ìbànújẹ́ mi sì pọ̀ sí i.
3 ৩ মই মোৰ অন্তর্জ্বালাত দহিছো। মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,
Àyà mi gbóná ní inú mi. Nígbà tí mo ń ṣàṣàrò, iná ràn; nígbà náà ni mo fi ahọ́n mi sọ̀rọ̀:
4 ৪ “হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
“Olúwa, jẹ́ kí èmi kí ó mọ òpin mi, àti ìwọ̀n ọjọ́ mi, bí ó ti rí kí èmi kí o le mọ ìgbà tí mó ní níhìn-ín.
5 ৫ চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
Ìwọ ti ṣe ayé mi bí ìbú àtẹ́lẹwọ́, ọjọ́ orí mi sì dàbí asán ní iwájú rẹ. Dájúdájú olúkúlùkù ènìyàn nínú ìjókòó rere rẹ̀ jásí asán pátápátá. (Sela)
6 ৬ বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
“Nítòótọ́ ni olúkúlùkù ń rìn kiri bí òjìji. Nítòótọ́ ni wọ́n ń yọ ara wọn lẹ́nu lórí asán; wọ́n ń kó ọrọ̀ jọ, wọn kò sì mọ ẹni tí yóò ko lọ.
7 ৭ “হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।
“Ṣùgbọ́n ní ìsinsin yìí, Olúwa, kín ni mo ń dúró dè? Ìrètí mí ń bẹ ní ọ̀dọ̀ rẹ.
8 ৮ মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
Gbà mí lọ́wọ́ ìrékọjá mi gbogbo. Kí o má sì sọ mí di ẹni ẹ̀gàn àwọn ènìyàn búburú.
9 ৯ মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
Mo dákẹ́ jẹ́ẹ́; èmi kò sì ya ẹnu mi, nítorí wí pé ìwọ ni ó ṣe é.
10 ১০ মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা; তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।
Mú pàṣán rẹ kúrò ní ara mi; èmí ṣègbé tán nípa lílù ọwọ́ rẹ.
11 ১১ তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
Ìwọ fi ìbáwí kìlọ̀ fún ènìyàn nítorí ẹ̀ṣẹ̀, ìwọ a mú ẹwà rẹ parun bí kòkòrò aṣọ; nítòótọ́ asán ni ènìyàn gbogbo.
12 ১২ হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।
“Gbọ́ àdúrà mi, Olúwa, kí o sì fetí sí igbe mi; kí o má ṣe di etí rẹ sí ẹkún mi. Nítorí àlejò ni èmi lọ́dọ̀ rẹ, àti àtìpó, bí gbogbo àwọn baba mi ti rí.
13 ১৩ মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”
Dá mi sí, kí èmi lè ní agbára, kí èmi tó lọ kúrò níhìn-ín yìí, àti kí èmi ó tó ṣe aláìsí.”