< সামসঙ্গীত 39 >

1 মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”
Kwa mtsogoleri wa mayimbidwe. Kwa Yedutuni. Salimo la Davide. Ndinati, “Ndidzasamalira njira zanga ndipo ndidzasunga lilime langa kuti ndisachimwe; ndidzatseka pakamwa panga ndi chitsekerero nthawi yonse imene woyipa ali pamaso panga.”
2 মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।
Koma pamene ndinali chete osanena ngakhale kanthu kalikonse kabwino mavuto anga anachulukirabe.
3 মই মোৰ অন্তর্জ্বালাত দহিছো। মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,
Mtima wanga unatentha mʼkati mwanga, ndipo pamene ndinkalingalira, moto unayaka; kenaka ndinayankhula ndi lilime langa:
4 “হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
“Yehova ndionetseni mathero a moyo wanga ndi chiwerengero cha masiku anga; mundidziwitse kuti moyo wanga ndi wosakhalitsa motani.
5 চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
Inu mwachititsa kuti masiku anga akhale ochepa kwambiri, kutalika kwa zaka zanga ndi kopanda phindu pamaso panu; moyo wa munthu aliyense ndi waufupi. (Sela)
6 বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
Munthu ali ngati chithunzithunzi chake pamene akuyenda uku ndi uku: Iye amangovutika koma popanda phindu; amadzikundikira chuma, osadziwa kuti chidzakhala chayani.
7 “হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।
“Koma tsopano Ambuye kodi ndifunanso chiyani? Chiyembekezo changa chili mwa Inu.
8 মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
Pulumutseni ku zolakwa zanga zonse; musandisandutse chonyozeka kwa opusa.
9 মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
Ine ndinali chete; sindinatsekule pakamwa panga pakuti Inu ndinu amene mwachita zimenezi.
10 ১০ মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা; তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।
Chotsani mkwapulo wanu pa ine; ndagonjetsedwa ndi nkhonya ya dzanja lanu.
11 ১১ তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
Inu mumadzudzula ndi kulanga anthu chifukwa cha tchimo lawo; mumawononga chuma chawo monga njenjete; munthu aliyense ali ngati mpweya. (Sela)
12 ১২ হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।
“Imvani pemphero langa Inu Yehova, mverani kulira kwanga kopempha thandizo; musakhale chete pamene ndikulirira kwa Inu, popeza ndine mlendo wanu wosakhalitsa; monga anachitira makolo anga onse.
13 ১৩ মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”
Musandiyangʼane mwaukali, choncho ndidzatha kusangalala ndisanafe ndi kuyiwalika.”

< সামসঙ্গীত 39 >