< সামসঙ্গীত 39 >
1 ১ মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম; যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ; যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”
Musiqi rəhbəri Yedutun üçün. Davudun məzmuru. Dedim: «Hər addımıma diqqət edəcəyəm, Dilimlə günah etməkdən çəkinəcəyəm. Pis adam qarşımda durarkən Dilimi yüyənləyib dinməyəcəyəm».
2 ২ মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।
Dilimi saxlayıb susdum, Yaxşılığa belə, danışmadım. Dərdlərim ağırlaşdı,
3 ৩ মই মোৰ অন্তর্জ্বালাত দহিছো। মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,
Köksümdəki qəlbimə köz doldu. Dərin düşünəndə yanıb-yaxıldım, Dilimlə belə dedim:
4 ৪ “হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
«Ya Rəbb, mənə bildir, Aqibətim necə olacaq? Ömrümün günləri nə qədər qalıb? Qoy nə qədər fani olduğumu anlayım!
5 ৫ চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
Budur, günlərim ovcuna sığdı, Ömrüm qarşında heç oldu. Bəli, insan sadəcə bir nəfəsdir. (Sela)
6 ৬ বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
Əlbəttə, insan kölgə kimi dolaşır, Həqiqətən, o boş yerə çarpışır, Var-dövlət yığır, kimə qalacağını bilmir.
7 ৭ “হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।
Ey Xudavənd, indi mən nə gözləyim? Mənim ümidim Sənsən!
8 ৮ মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
Məni bütün təqsirlərimdən qurtar, Məni axmaqların tənəsinə hədəf etmə.
9 ৯ মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
Susdum, ağzımı açmadım, Çünki Sən bunu etdin!
10 ১০ মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা; তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।
Göndərdiyin bəlanı mənim üstümdən götür, Əlinin zərbəsindən gör necə əzildim.
11 ১১ তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
İnsanı təqsirinə görə məzəmmət edən zaman Arzularını güvə kimi dağıdırsan. Bəli, insan sadəcə bir nəfəsdir. (Sela)
12 ১২ হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।
Dinlə duamı, ya Rəbb, fəryadımı eşit! Biganə qalma göz yaşlarıma. Çünki Sənin yanında bir qəribəm, Ata-babam kimi bir qonağam.
13 ১৩ মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”
Bir azca nəzərini məndən çək, Qoy köçüb getməzdən əvvəl dinc yaşayım».