< সামসঙ্গীত 38 >
1 ১ হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা; তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা।
(En salme af David. Lehazkir.) HERRE, revs mig ej i din vrede, tugt mig ej i din Harme!
2 ২ কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে, তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে।
Thi dine pile sidder i mig, din Hånd har lagt sig på mig.
3 ৩ তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই; মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই।
Intet er karskt på min Krop for din Vredes Skyld, intet uskadt i mine Ledemod for mine Synders Skyld;
4 ৪ মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে; সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে।
thi over mit Hoved skyller min Brøde som en tyngende Byrde, for tung for mig.
5 ৫ মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে।
Mine Sår både stinker og rådner, for min Dårskabs Skyld går jeg bøjet;
6 ৬ মই দুখ পাই বৰ কুঁজা হৈ পৰিছো, ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ।
jeg er såre nedtrykt, sorgfuld vandrer jeg Dagen lang.
7 ৭ মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে, মোৰ শৰীৰৰ ক’তো সুস্থতা নাই।
Thi Lænderne er fulde af Brand, intet er karskt på min Krop,
8 ৮ মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
jeg er lammet og fuldkommen knust, jeg skriger i Hjertets Vånde.
9 ৯ হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
HERRE, du kender al min Attrå, mit Suk er ej skjult for dig;
10 ১০ মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।
mit Hjerte banker, min Kraft har svigtet, selv mit Øje har mistet sin Glans.
11 ১১ মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
For min Plages Skyld flyr mig Ven og Frænde, mine Nærmeste holder sig fjert;
12 ১২ যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
de, der vil mig til Livs, sætter Snarer, og de, der vil mig ondt, lægger Råd om Fordærv, de tænker Dagen igennem på Svig.
13 ১৩ মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।
Men jeg er som en døv, der intet hører, som en stum, der ej åbner sin Mund,
14 ১৪ যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।
som en Mand, der ikke kan høre, i hvis Mund der ikke er Svar.
15 ১৫ হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ; হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।
Thi til dig står mit Håb, o HERRE, du vil bønhøre, Herre min Gud,
16 ১৬ মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”
når jeg siger: "Lad dem ikke glæde sig over mig, hovmode sig over min vaklende Fod!"
17 ১৭ মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।
Thi jeg står allerede for Fald, mine Smerter minder mig stadig;
18 ১৮ মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।
thi jeg må bekende min Skyld må sørge over min Synd.
19 ১৯ যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী। যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।
Mange er de, der med Urette er mine Fjender, talrige de, der hader mig uden Grund,
20 ২০ মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী।
som lønner mig godt med ondt, som står mig imod, fordi jeg søger det gode.
21 ২১ হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা।
HERRE, forlad mig ikke, min Gud, hold dig ikke borte fra mig,
22 ২২ হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।
il mig til Hjælp, o Herre, min Frelse!