< সামসঙ্গীত 37 >

1 তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।
Žalm Davidův. Nehněvej se příčinou zlostníků, nechtěj záviděti těm, kteříž páší nepravost.
2 কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।
Nebo jako tráva v náhle podťati budou, a jako zelená bylina uvadnou.
3 যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা।
Doufej v Hospodina, a
4 যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।
Těš se v Hospodinu, a dá tobě žádosti srdce tvého.
5 তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।
Uval na Hospodina cestu svou, a slož v něm naději, onť zajisté všecko spraví.
6 তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব; তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।
A vyvedeť spravedlnost tvou jako světlo, a nevinu tvou jako poledne.
7 যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
Mlčelivě se měj k Hospodinu, a očekávej na něj pečlivě. Nekormuť se příčinou toho, jemuž se daří na cestě jeho, příčinou člověka, kterýž provodí, cožkoli umyslil.
8 ক্ৰোধ এৰা, কোপ ত্যাগ কৰা; বেজাৰ নকৰিবা, কেৱল হানিহে হয়।
Pusť mimo sebe hněv, a zanech prchlivosti; nezpouzej se tak, abys zle činiti chtěl.
9 কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।
Nebo zlostníci vypléněni budou, ale ti, kteříž očekávají na Hospodina, dědičně zemí vládnouti budou.
10 ১০ কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।
Po malé chvíli zajisté, anť bezbožníka nebude, a pohledíš na místo jeho, anť ho již není.
11 ১১ কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।
Ale tiší dědičně obdrží zemi, a rozkoš míti budou ve množství pokoje.
12 ১২ দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।
Zle myslí bezbožník o spravedlivém, a škřipí na něj zuby svými,
13 ১৩ প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।
Ale Hospodin směje se jemu; nebo vidí, že se přibližuje den jeho.
14 ১৪ দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।
Vytrhujíť bezbožníci meč, a natahují lučiště své, aby porazili chudého a nuzného, aby hubili ty, kteříž jsou ctného obcování;
15 ১৫ কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব, আৰু তেওঁলোকৰ ধনু ভঙা হব।
Ale meč jejich vejde v jejich srdce, a lučiště jejich budou polámána.
16 ১৬ দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল।
Lepší jest málo, což má spravedlivý, než veliká bohatství bezbožníků mnohých.
17 ১৭ কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।
Nebo ramena bezbožných polámána budou, spravedlivé pak zdržuje Hospodin.
18 ১৮ সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে, আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।
Znáť Hospodin dny upřímých, protož dědictví jejich na věky zůstane.
19 ১৯ সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
Nebudouť zahanbeni v čas zlý, a ve dnech hladu nasyceni budou;
20 ২০ দুষ্টবোৰ বিনষ্ট হব, যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব; তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব।
Ale bezbožníci zahynou, a nepřátelé Hospodinovi, jak tuk beranů s dymem mizí, tak zmizejí.
21 ২১ দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে; কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল।
Vypůjčuje bezbožník, a nemá co oplatiti, ale spravedlivý milost činí, a rozdává.
22 ২২ যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব, কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব।
Nebo požehnaní ode Pána zemí vládnouti budou, ale zlořečení od něho budou vypléněni.
23 ২৩ যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়।
Krokové člověka spravedlivého od Hospodina spravováni bývají, a cestu jeho libuje.
24 ২৪ তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।
Jestliže by upadl, neurazí se; nebo Hospodin drží jej za ruku jeho.
25 ২৫ মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
Mlad jsem byl, a sstaral jsem se, a neviděl jsem spravedlivého opuštěného, ani semene jeho žebrati chleba.
26 ২৬ ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।
Každého dne milost činí, i půjčuje, a však símě jeho jest v požehnání.
27 ২৭ তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা।
Odstup od zlého, a čiň dobré, a bydliti budeš na věky.
28 ২৮ কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
Nebo Hospodin miluje soud, a neopouští svatých svých, na věky v stráži jeho budou; símě pak bezbožníků bude vypléněno.
29 ২৯ ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব; তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।
Ale spravedliví ujmou zemi dědičně, a na věky v ní přebývati budou.
30 ৩০ ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
Ústa spravedlivého mluví moudrost, a jazyk jeho vynáší soud.
31 ৩১ তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; তেওঁলোকৰ ভৰি পিছলি নাযায়।
Zákon Boha jeho jest v srdci jeho, pročež nepodvrtnou se nohy jeho.
32 ৩২ দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে।
Špehujeť bezbožník po spravedlivém, a hledá ho zahubiti;
33 ৩৩ কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, বিচাৰত তেওঁলোকক দোষী নকৰিব।
Ale Hospodin ho nenechá v ruce jeho, aniž ho dopustí potupiti, když by souzen byl.
34 ৩৪ যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
Očekávejž tedy na Hospodina, a ostříhej cesty jeho, a on tě povýší, abys dědičně obdržel zemi, z níž že vykořeněni budou bezbožníci, uhlédáš.
35 ৩৫ মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ, সেউজ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।
Viděl jsem bezbožníka hrozné síly, an se rozložil jako zelený samorostlý strom.
36 ৩৬ কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো, তেওঁলোক নোহোৱা হ’ল; মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল।
Ale tudíž pominul, a aj nebylo ho; nebo hledal jsem ho, a není nalezen.
37 ৩৭ সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।
Pozor měj na pobožného, a viz upřímého, žeť takového člověka poslední věci jsou potěšené,
38 ৩৮ কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব; দুষ্টলোকৰ বংশ ধ্বংস হ’ব।
Přestupníci pak že tolikéž vyhlazeni budou, a bezbožníci naposledy vyťati.
39 ৩৯ ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে; সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।
Ale spasení spravedlivých jest od Hospodina, onť jest síla jejich v času ssoužení.
40 ৪০ যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে; দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে, কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।
Spomáháť jim Hospodin, a je vytrhuje, vytrhuje je od bezbožníků, a zachovává je; nebo doufají v něho.

< সামসঙ্গীত 37 >