< সামসঙ্গীত 36 >
1 ১ পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।
Безаконику је безбожна реч у срцу; нема страха Божијег пред очима његовим.
2 ২ তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব।
Али лаже себи у очи, место да призна своје безакоње и омрзне на њ.
3 ৩ তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।
Речи су уста његових неправда и лукавство, неће да се опамети да твори добро.
4 ৪ তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।
Безакоње смишља на постељи својој, стоји на путу рђавом, зло му није мрско.
5 ৫ হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত, আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে।
Господе! До неба је милост Твоја, и истина Твоја до облака.
6 ৬ তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।
Правда је Твоја као горе Божије, судови Твоји бездана велика; људе и стоку Ти чуваш, Господе!
7 ৭ হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।
Како је драгоцена милост Твоја, Боже! Синови људски у сену крила Твојих не боје се.
8 ৮ তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
Хране се од изобила дома Твог, и из потока сладости својих Ти их напајаш.
9 ৯ কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
Јер је у Тебе извор животу, Твојом светлошћу видимо светлост.
10 ১০ যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।
Рашири милост своју на оне који Те знају, и правду своју на добра срца.
11 ১১ মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা; দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে।
Не дај да стане на мене нога охола, и рука безбожничка да ме заљуља.
12 ১২ যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল; উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।
Онамо нека падну који чине безакоње, нека се стропоштају и не могу устати.