< সামসঙ্গীত 35 >
1 ১ হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
Por David. Contágiate, Yahvé, con los que se disputan conmigo. Lucha contra los que luchan contra mí.
2 ২ তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
Agarra el escudo y el broquel, y se levantan para pedir mi ayuda.
3 ৩ মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”
Blande la lanza y bloquea a los que me persiguen. Dile a mi alma: “Yo soy tu salvación”.
4 ৪ যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
Que los que buscan mi alma se vean defraudados y deshonrados. Que los que traman mi ruina sean rechazados y confundidos.
5 ৫ তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।
Que sean como paja ante el viento, El ángel de Yahvé los conduce.
6 ৬ তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।
Que su camino sea oscuro y resbaladizo, El ángel de Yahvé los persigue.
7 ৭ কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।
Porque sin motivo han escondido su red en un pozo para mí. Sin motivo han cavado una fosa para mi alma.
8 ৮ হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক; তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক; সেই বিনাশত তেওঁলোক পতিত হওঁক।
Que la destrucción le llegue por sorpresa. Que su red que ha escondido se atrape a sí mismo. Que caiga en esa destrucción.
9 ৯ তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।
Mi alma se alegrará en Yahvé. Se alegrará de su salvación.
10 ১০ মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।
Todos mis huesos dirán: “Yahvé, ¿quién es como tú? que libra al pobre de quien es demasiado fuerte para él; sí, al pobre y al necesitado del que le roba?”
11 ১১ অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
Los testigos injustos se levantan. Me preguntan sobre cosas que no conozco.
12 ১২ তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।
Me pagan mal por bien, al despojo de mi alma.
13 ১৩ কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ।
Pero en cuanto a mí, cuando estaban enfermos, mi ropa era de saco. Afligí mi alma con el ayuno. Mi oración volvió a mi propio seno.
14 ১৪ মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।
Me comporté como si hubiera sido mi amigo o mi hermano. Me incliné de luto, como quien llora a su madre.
15 ১৫ কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
Pero en mi adversidad se alegraron y se reunieron. Los atacantes se reunieron contra mí, y yo no lo sabía. Me desgarraron, y no cesaron.
16 ১৬ তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।
Como los profanos que se burlan en las fiestas, me rechinaron los dientes.
17 ১৭ হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
Señor, ¿hasta cuándo mirarás? Rescata mi alma de su destrucción, mi preciosa vida de los leones.
18 ১৮ মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।
Te daré las gracias en la gran asamblea. Te alabaré entre mucha gente.
19 ১৯ মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
No dejes que los que son mis enemigos se alegren injustamente de mí; ni que los que me odian sin causa guiñen los ojos.
20 ২০ কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
Porque no hablan de paz, sino que urden palabras engañosas contra los que están tranquilos en la tierra.
21 ২১ মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”
Sí, abrieron su boca de par en par contra mí. Dijeron: “¡Ajá! ¡Ajá! Nuestro ojo lo ha visto”.
22 ২২ হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!
Tú lo has visto, Yahvé. No guardes silencio. Señor, no te alejes de mí.
23 ২৩ হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।
¡Despierta! ¡Levántate para defenderme, Dios mío! Señor mío, ¡contesta por mí!
24 ২৪ হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা; তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।
Reclámame, Yahvé mi Dios, según tu justicia. No dejes que se regodeen en mí.
25 ২৫ তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ।”
No dejes que digan en su corazón: “¡Ah! Así lo queremos”. Que no digan: “Nos lo hemos tragado”.
26 ২৬ মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।
Que se desilusionen y se confundan juntos los que se alegran de mi calamidad. Que se vistan de vergüenza y deshonor los que se engrandecen contra mí.
27 ২৭ যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
Que los que están a favor de mi causa justa griten de alegría y se alegren. Sí, que digan continuamente: “Que Yahvé sea magnificado, que se complace en la prosperidad de su siervo”.
28 ২৮ তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব; ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।
Mi lengua hablará de tu justicia y de tu alabanza todo el día.