< সামসঙ্গীত 34 >
1 ১ মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।
BY DAVID, IN HIS CHANGING HIS BEHAVIOR BEFORE ABIMELECH, AND HE DRIVES HIM AWAY, AND HE GOES. [ALEPH-BET] I bless YHWH at all times, His praise [is] continually in my mouth.
2 ২ মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্ৰ লোকে আনন্দ কৰক।
In YHWH my soul boasts herself, The humble hear and rejoice.
3 ৩ তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা; আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহক।
Ascribe greatness to YHWH with me, And we exalt His Name together.
4 ৪ মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।
I sought YHWH, and He answered me, And delivered me from all my fears.
5 ৫ তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে। তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।
They looked expectingly to Him, And they became bright, And their faces are not ashamed.
6 ৬ এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।
This poor [one] called, and YHWH heard, And saved him from all his distresses.
7 ৭ যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
A messenger of YHWH is encamping, Around those who fear Him, And He arms them.
8 ৮ যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।
Taste and see that YHWH [is] good, O the blessedness of the man who trusts in Him.
9 ৯ হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।
Fear YHWH, you His holy ones, For there is no lack to those fearing Him.
10 ১০ ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
Young lions have lacked and been hungry, And those seeking YHWH do not lack any good,
11 ১১ হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।
Come, children, listen to me, I teach you the fear of YHWH.
12 ১২ তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে? সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?
Who [is] the man that is desiring life? Loving days to see good?
13 ১৩ তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
Keep your tongue from evil, And your lips from speaking deceit.
14 ১৪ তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
Turn aside from evil and do good, Seek peace and pursue it.
15 ১৫ যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
The eyes of YHWH [are] to the righteous, And His ears to their cry.
16 ১৬ যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব।
(The face of YHWH [is] on doers of evil, To cut off their memorial from earth.)
17 ১৭ ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।
They cried, and YHWH heard, And delivered them from all their distresses.
18 ১৮ যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
YHWH [is] near to the broken of heart, And He saves the bruised of spirit.
19 ১৯ ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
Many [are] the afflictions of the righteous, YHWH delivers him out of them all.
20 ২০ যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।
He is keeping all his bones, Not one of them has been broken.
21 ২১ দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।
Evil puts the wicked to death, And those hating the righteous are desolate.
22 ২২ যিহোৱাই তেওঁৰ দাসবোৰৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।
YHWH redeems the soul of His servants, And none trusting in Him are desolate!