< সামসঙ্গীত 33 >
1 ১ হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা, তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম।
Ku rera da farin ciki ga Ubangiji ku adalai; daidai ne masu gaskiya su yabe shi.
2 ২ বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা।
Ku yabi Ubangiji da garaya; ku yi kiɗi gare shi da molo mai tsirkiya goma.
3 ৩ তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্বনি কৰা।
Ku rera masa sabuwar waƙa; ku yi kiɗi da gwaninta, ku kuma yi sowa don farin ciki.
4 ৪ যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্যত তেওঁ বিশ্বাসযোগ্য।
Gama maganar Ubangiji daidai ne da kuma gaskiya; yana da aminci cikin kome da yake yi.
5 ৫ তেওঁ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়; সমগ্র পৃথিৱী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।
Ubangiji yana ƙaunar adalci duniya ta cika da ƙaunarsa marar ƙarewa.
6 ৬ যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
Ta wurin maganar Ubangiji aka yi sammai, rundunar taurarinsu kuwa da numfashin bakinsa.
7 ৭ তেওঁ সমুদ্ৰৰ জল সমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে; মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে।
Ya tattara ruwan teku cikin tuluna; ya sa zurfafa cikin gidajen ajiya.
8 ৮ গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক; জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক।
Bari dukan duniya ta ji tsoron Ubangiji; bari dukan mutanen duniya su girmama shi.
9 ৯ কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
Gama ya yi magana, abu ya kuwa kasance; ya umarta, ya kuwa tsaya daram.
10 ১০ যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
Ubangiji yakan soke shirye-shiryen al’ummai; yakan wofintar da manufofin mutane.
11 ১১ যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
Amma shirye-shiryen Ubangiji kan tsaya daram har abada, manufofin zuciyarsa kuwa har dukan zamanai.
12 ১২ ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।
Mai farin ciki ce al’ummar da Allah ne Ubangijinta, mutanen da ya zaɓa don gādonsa.
13 ১৩ যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে; তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।
Daga sama Ubangiji ya duba ya kuwa ga dukan’yan adam;
14 ১৪ পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।
daga mazauninsa yana lura da dukan waɗanda suke zama a duniya,
15 ১৫ তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে।
shi da ya yi zukatan duka, wanda yake kula da kome da suke yi.
16 ১৬ বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
Babu sarkin da ake ceto ta wurin yawan mayaƙansa; ba jarumin da kan kuɓuta ta wurin yawan ƙarfinsa.
17 ১৭ জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা; মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।
Dogara a kan doki don ceto banza ne; duk da yawan ƙarfinsa ba ya ceto.
18 ১৮ যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
Amma idanun Ubangiji suna a kan wanda yake tsoronsa, a kan waɗanda suke sa zuciya cikin ƙaunarsa marar ƙarewa,
19 ১৯ যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
don yă cece su daga mutuwa ya bar su da rai a lokacin yunwa.
20 ২০ আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।
Muna jiran Ubangiji da bege; shi ne taimakonmu da garkuwarmu.
21 ২১ আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।
A cikinsa zukatanmu na farin ciki, gama mun dogara cikin sunansa mai tsarki.
22 ২২ হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক, কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।
Bari ƙaunarka marar ƙarewa ta zauna a kanmu, ya Ubangiji, ko ma da muke sa begenmu a gare ka.