< সামসঙ্গীত 32 >
1 ১ ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; যি লোকৰ পাপ ঢকা হয়।
Ta Dawuda. Maskil ne. Mai farin ciki ne shi wanda aka gafarta masa laifofinsa, wanda aka shafe zunubansa.
2 ২ ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।
Mai farin ciki ne mutumin da Ubangiji ba ya lissafin zunubinsa a kansa wanda kuma babu ruɗu a ruhunsa.
3 ৩ মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
Sa’ad da na yi shiru, ƙasusuwana sun yi ta mutuwa cikin nishina dukan yini.
4 ৪ কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)
Gama dare da rana hannunka yana da nauyi a kaina; an shanye ƙarfina ƙaf sai ka ce a zafin bazara. (Sela)
5 ৫ তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
Sa’an nan na furta zunubina a gare ka ban kuwa ɓoye laifina ba. Na ce, “Zan furta laifofina ga Ubangiji.” Ka kuwa gafarta laifin zunubina. (Sela)
6 ৬ সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
Saboda haka bari duk mai tsoron Allah yă yi addu’a gare ka yayinda kake samuwa; tabbatacce sa’ad da manyan ruwaye suka taso, ba za su kai wurinsa ba.
7 ৭ তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
Kai ne wurin ɓuyata; za ka tsare ni daga wahala ka kewaye ni da waƙoƙin ceto. (Sela)
8 ৮ মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
Zan umarce ka in kuma koyar da kai a hanyar da za ka bi; Zan ba ka shawara in kuma lura da kai.
9 ৯ তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।
Kada ka zama kamar doki ko doki, wanda ba su da azanci wanda dole sai an bi da su da linzami da ragama in ba haka ba, ba za su zo wurinka ba.
10 ১০ দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।
Azaban mugu da yawa suke, amma ƙaunar Ubangiji marar ƙarewa kan kewaye mutumin da ya dogara gare shi.
11 ১১ হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।
Ku yi farin ciki a cikin Ubangiji ku kuma yi murna, ku adalai; ku rera, dukanku waɗanda zuciyarku take daidai!