< সামসঙ্গীত 32 >
1 ১ ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; যি লোকৰ পাপ ঢকা হয়।
“A psalm of David.” Happy is he whose transgression is forgiven, whose sin is pardoned!
2 ২ ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।
Happy the man to whom the LORD imputeth not iniquity, And in whose spirit there is no guile!
3 ৩ মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
While I kept silence, my bones were wasted, By reason of my groaning all the day long.
4 ৪ কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)
For day and night thy hand was heavy upon me; My moisture dried up, as in summer's drought.
5 ৫ তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
At length I acknowledged to thee my sin, And did not hide my iniquity. I said, “I will confess my transgression to the LORD;” And thou forgavest the iniquity of my sin! (Pause)
6 ৬ সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক; বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।
Therefore shall every pious man pray to thee, while thou mayst be found; Surely the floods of great waters shall not come near him.
7 ৭ তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
Thou art my hiding-place; thou preservest me from trouble; Thou compassest me about with songs of deliverance. (Pause)
8 ৮ মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
I will instruct thee, and show thee the way thou shouldst go; I will give thee counsel, and keep mine eye upon thee.
9 ৯ তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।
Be ye not like the horse and the mule, which have no understanding, Whose mouths must be pressed with the bridle and curb, Because they will not come near thee!
10 ১০ দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।
The wicked hath many sorrows; But he that trusteth in the LORD is encompassed with mercies.
11 ১১ হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।
Rejoice in the LORD, and be glad, ye righteous; Shout for joy, all ye that are upright in heart!