< সামসঙ্গীত 30 >
1 ১ হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।
Dávid zsoltára. Templomszentelési ének. Magasztallak Uram, hogy felemeltél engem, és nem engedted, hogy ellenségeim örüljenek rajtam.
2 ২ হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।
Uram, Istenem, hozzád kiáltottam, és te meggyógyítottál engem!
3 ৩ হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা, তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা। (Sheol )
Uram, felhoztad a Seolból az én lelkemet, fölélesztettél a sírbaszállók közül. (Sheol )
4 ৪ হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।
Zengedezzetek az Úrnak, ti hívei! Dicsőítsétek szent emlékezetét.
5 ৫ কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
Mert csak pillanatig tart haragja, de élethossziglan jóakarata; este bánat száll be hozzánk, reggelre öröm.
6 ৬ সুখৰ দিনত মই কৈছিলোঁ, “মোক কোনেও লৰাব নোৱাৰিব।”
Azt mondtam azért én jó állapotomban: Nem rendülhetek meg soha.
7 ৭ হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।
Uram, jókedvedből erősséget állítottál föl hegyemre; de elrejtéd orczádat, és megroskadtam.
8 ৮ হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ, মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ:
Hozzád kiáltok, Uram! Az én Uramnak irgalmáért könyörgök!
9 ৯ “মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্ৰশংসা নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব?
Mit használ vérem, ha sírba szállok? Dicsér-e téged a por; hirdeti-é igazságodat?
10 ১০ হে যিহোৱা, শুনা, মোক কৃপা কৰা, হে যিহোৱা, মোৰ সহায় হোৱা।”
Hallgass meg, Uram, könyörülj rajtam! Uram, légy segítségem!
11 ১১ শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা,
Siralmamat vígságra fordítottad, leoldoztad gyászruhámat, körülöveztél örömmel.
12 ১২ যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।
Hogy zengjen néked és el ne hallgasson felőled a dicséret: Uram, én Istenem, örökké dicsőítlek téged.